
নাজিৰাঃ নাজিৰাৰ বিহুবৰত স্থানীয় ৰাইজে আজি পুৱা পথ অৱৰোধেৰে উত্তাল কৰে ৰাজপথ। ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত শিমলুগুৰিৰ পৰা বিহুবৰ সংযোগী পথ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল যদিও নিৰ্মাণ কাৰ্যত ব্যাপক বিসংগতিৰ সৃষ্টি হোৱাত ক্ষুব্ধ হৈ পৰে বিহুবৰবাসী৷
তাৰেই প্ৰতিবাদত দেওবাৰে স্থানীয় বিহুবৰবাসীয়ে বিহুবৰ তিনিআলিত পথ অৱৰোধ কাৰ্যসূচী ৰুপায়ণ কৰে।
ঐতিহাসিক ৰমণী আলি নিৰ্মাণত সীমান্ত পথ নিৰ্মাণ সংস্থাই চুড়ান্ত হেমাহি কৰি অহাৰ অভিযোগ উত্থাপিত কৰা ৰাইজ ক্ষুব্ধ হৈ প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰে৷
অৱৰোধৰ ফলত পথৰ দুয়োকাষে যান-বাহন সমূহ বহু সময় ধৰি আৱদ্ধ হৈ পৰে। প্ৰতিবাদ স্থলীত প্ৰশাসনৰ বিষয়া উপস্থিত হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে৷