Image for Representation
Image for Representation

নগাঁওঃ নগাঁও গড়কাপ্তানী বিভাগৰ কাৰ্যালয় চৌহদত থকা এখন হ’ৰ্ডিং ফালি লৈ যোৱাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে বিভাগটোৰ এজন শাখা সহায়কক৷

আৰক্ষীয়ে কৰায়ত্ত কৰা শাখা সহায়ক জন হৈছে আতিকুৰ ৰহমান ভূঞা৷ জানিব পৰা মতে, নগাঁও গড়কাপ্তানী বিভাগৰ কাৰ্যালয় চৌহদত আঁৰি থোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ফটো সম্বলিত এখন হ’ৰ্ডিং কেইদিমান পুৰ্বে কোনো দুৰ্বৃত্তই ফালি লৈ যায় ৷

ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত বিজেপিৰ যুৱ মৰ্চাৰ নগাঁও জিলা সমিতিৰ এজন বিষয়াই নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰে ৷

উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ১৮৩৯/১৭ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি হ’ৰ্ডিং ফালি নিয়া ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত গড়কাপ্তানী বিভাগৰ শাখা সহায়ক আতিকুৰ ৰহমান ভূঞাক আটক কৰে৷