
মোৰাঝাৰঃ ৰাজ্যত বনজ সম্পদৰ ধ্বংস যজ্ঞ অব্যাহত থকা বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে বন বিভাগে অভিযান ৰাখিছে হোজাই জিলাত৷ ইতিমধ্যে যোৱা ৪টা দিনৰ ভিতৰত প্ৰায় ১০ খনৰ বালি কঢ়িওৱা ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷
অবৈধ ভাৱে বালি কঢ়িওঁৱা ট্ৰাক আৰু টাটা মোবাইল জব্দ কৰিবলৈ সক্ষম হয়৷ ডবকাৰ দেৱস্থানৰ ১নং মহলৰ অধিনৰ নগাঁৱৰ আমিন পট্টিৰ আহমেদ মাজুমদাৰ নামৰ লোকজনে বালিৰ প্ৰকৃত মহলদাৰক আওকাণ কৰি বালিৰ ব্যৱসায় চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷
তেনে সময়তে বালি কঢ়িওঁৱা নাও আৰু AS-01-EC-8714আৰু AS-01-BC-0820, AS-09-9445, AS-09-AC-2994, AS-09-AC-1104, AS-09 AC-8093 আৰু ASN-7707 নম্বৰৰ বালি ভৰ্তি ট্ৰাক হোজাই-নীলবাগান সংযোগী পথৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় যোৱা চৰিদিনত৷ ট্ৰাক কেইখনে হোজাই জিলাৰ দেৱস্থান-চিতলমাৰি আদি অঞ্চলৰ পৰা চালানবিহীন ভাৱে যমুনা নৈৰ পৰা অবৈধভাৱে বালি কঢ়িয়াই আহিছিল৷
ট্ৰাকৰ সমূহৰ ভিতৰত দুখন ট্ৰাক বন বিভাগে বুজাবুজি কৰি এৰি দিয়া বুলি অভিযোগ উত্থাপন হৈছে৷ আন্যান্য ট্ৰাক আৰু দুখন টাটা মবাইল সম্প্ৰতি হোজাইৰ ডিএফঅ'ৰ কাৰ্যালয়ত জব্দ হৈ আছে৷
আনহাতে প্ৰকৃত বালিৰ মহলদাৰে চৰকাৰক ৰাজহ দিয়াৰ পিছতো অবৈধ ব্যৱসায়ীসকলে প্ৰত্যাহ্বান জনোৱাত এক প্ৰকাৰ বিপাঙত পৰি প্ৰকৃত মহলদাৰে বন বিভাগৰ উচ্চ পদস্ত বিষয়াক অভিযোগ দাখিল কৰি অবৈধ ব্যৱসায়ীক ৰোধ কৰাৰ দাবী জনাই৷ বালি ভৰ্তি ট্ৰাক-ডিআই সমূহ হোজাইৰ ডিএফঅ' চফিকুৰ ৰহমানৰ নিৰ্দেশ মৰ্মে অভিযান চলাই বন বিভাগৰ লোকে৷