নগাঁওঃ অসম ৰাজ্যিক আজীৱীকা মিচন চমুকৈ ASRLM মিচনৰ ডাইৰেক্টৰ শ্ৰীমতী নন্দিতা হাজৰিকা (এ চি এচ)ই বৃহস্পতিবাৰে হোজাইত উপস্থিত হৈ DDU-GKY আঁচনিৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে৷

প্ৰথমেই স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা'আৰিফত উপস্থিত হৈ মৰ্কজ চৌহদত চলি থকা বিগত চাৰি বছৰ ধৰি চলি থকা DDU-GKY প্ৰশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰি প্ৰশিক্ষাৰ্থীসকলে লাভ কৰা সা-সুবিধাৰ বুজ লয়৷ সংস্থাটোৰ সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰ, প্ৰজেক্ট হেড সাহৰাজ ৰুহানীক লগত লৈ মিচন ডাইৰেক্টৰ হাজৰিকাই একাংশ প্ৰশিক্ষাৰ্থীৰে সৈতে মত বিনিময় কৰে৷ তাৰ পিছত তেখেতে মৰ্কজুল মা'আৰিফৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি দিল্লীৰ মেক্স, সাৰদা, আদি প্ৰখ্যাত হাস্পতালত কৰ্মৰত একাংশ যুৱক-যুৱতীৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কথা পাতে৷ তেওঁ তাৰ পৰা খুব ভাল সহাঁৰি পোৱা বুলি প্ৰকাশ কৰে৷ একাংশ যুৱক-যুৱতীয়ে সন্মানজনক উপাৰ্জনৰ দ্বাৰা নিজৰ লগতে পৰিয়ালকো সহায় কৰা বুলি জনায়৷

এই উপলক্ষে মৰ্কজৰ পুথিভৰাঁলত জয়নাল আবদিনৰ সভাপতিত্বত আয়োজিত সভাত হাজৰিকাই প্ৰশিক্ষাৰ্থীসকলক বিভিন্ন উপদেশ প্ৰদান কৰে৷ কৰ্মক্ষেত্ৰৰ প্ৰথম ভাগত সামান্য জটিলতা অহাটো অস্বাভাৱিক নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে, পিছলৈ সেই অভিজ্ঞতা সহায়ক হোৱাৰ লগতে নিজৰ লগতে পৰিয়ালৰ ভাল হয় যদি ধৈৰ্যসহকাৰে কামত থকা যায়৷ সভাখনত, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিচন অভিযানৰ প্ৰজেক্ট মেনেজাৰ ওৱাদুত হাচান, মৰ্কজুল মা'আৰিফৰ প্ৰজেক্ট বিষয়া ছাজাহান আলী, নগাঁও, মৰিগাঁও, কাবি আলংক জিলাৰ ডি পি এম, ডি এফ ই ৰ লগতে ৩০ গৰাকী বি চি উপস্থিত থাকে।