Mother Earth News
Mother Earth News

মোৰাঝাৰঃ হোজাই জিলাৰ কৃষি বিষয়াৰ কাৰ্যালয়ত বুধবাৰে জিলা খনৰ বহু কৃষকৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়৷ হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্ত অনিমেশ তালুকদাৰৰ উপস্থিতিত অনুষ্ঠিত সভাত কৃষকক ৰবিশস্যৰ বীজ বিতৰণ কৰা হয়। জিলা কৃষি বিভাগে কৃষকৰ মাটি অনুযায়ী এই বীজ সমূহ বিতৰণ কৰে।

বীজ বিতৰণ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত অনিমেশ তালুকদাৰৰ লগতে জিলা কৃষি বিষয়া নিতাই দাস, মহকুমা কৃষি বিষয়া বাবুল আহমেদৰ লগতে কৃষি বিভাগৰ কৰ্মচাৰীসকল উপস্থিত থাকে।

জিলাখনৰ ৰবিশস্যৰ খেতি কৰা কৃষকৰ বাবে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, সেউজ বিপ্লৱ, খাদ্য সুৰক্ষা, টিআৰফএ আৰু উদ্যান শস্য বিভাগৰ অধীনত মটৰ মাহৰ বীজ ২৯৩ কুইণ্টল, বড়ো ধানৰ (হাই ব্ৰীড) বীজ  ৯৫ কুইণ্টল, পিয়াঁজৰ বীজ তিনি কুইণ্টল, সৰিয়হৰ বীজ ১৪৫ কুইণ্টল, ৰাজমাহৰ বীজ ৮০ কুইণ্টল, মছুৰমাহৰ বীজ ২২০ কুইণ্টল আৰু মাকৈৰ বীজ ৭৮.৭৫ কুইণ্টল বিতৰণ কৰা হ’ব বুলি জিলা কৃষি বিষয়াই জানিবলৈ দিয়ে৷ হোজাই জিলা কৃষি বিভাগে জিলাখনৰ প্ৰায় ৫৮,১১৫ জন কৃষকক বিনামূলীয়া বীজ বিতৰণ কৰিব।