লংকাঃ ৰাজ্য খনৰ গ্ৰাম্য অঞ্চলত অলেখ খোৱাপানী যোগান আঁচনি আছে৷ যোৱা ত্ৰিশ বছৰত কংগ্ৰেছ আৰু অগপ দলৰ চৰকাৰৰ সময়ত গাঁৱে-ভূঞে বিশুদ্ধ খোৱাপানীৰ যোগানৰ স্বাৰ্থত পানী যোগান আঁচনি সমূহ স্থাপন কৰিছিল৷ এনে আঁচনি সমূহে নিৰ্মাণৰ দুই-তিনি বছৰলৈকে পানী যোগান ধৰিছিল যদিও অলেখ পানী যোগান আঁচনি এতিয়া হাবি-জংঘলে আৱৰি আছে৷

এই আঁচনি সমূহ এতিয়া ভেকোভাঁওনাত পৰিণত হৈছে৷ মেৰামতিৰ অভাৱত জহি-খহি গৈছে৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰীয়ে এই আঁচনি সমূহত কাম কৰি চৰকাৰী দৰমহা লৈ আহিছে যদিও চৰকাৰে আঁচনি সমূহ মেৰামতি কৰি পুনৰ কাৰ্যক্ষম কৰাৰ ব্যৱস্থা কৰা দেখা নাযায়৷ এক কথাত কবলৈ গলে অসমত চৰকাৰি আঁচনিৰ এটোপাল বিশুদ্ধ খোৱাপানী খাবলৈ পোৱাতো এতিয়া এক প্ৰকাৰ সৌভাগ্যৰ কথা৷

কিয়নো চৰকাৰৰ মন্ত্ৰী, আমোলা-বিধায়ক সকলৰ বাবে এনে পানী যোগান আঁচনিৰ পানী প্ৰয়োজন নাই৷ তেওঁলোকে বটলৰ পানী কিনি খোৱা পৰিলক্ষিত হয়৷ কিন্তু গাঁৱৰ খেতিয়ক-দৰিদ্ৰ শ্ৰমিকসকলে বটলৰ পানী কিনি খাবলৈ সক্ষম নহয়৷ গাঁৱত চৰকাৰে স্থাপন কৰা পানী যোগানৰ আঁচনিটোৱে তেওলোকৰ শেষ ভৰষা আছিল৷ কিন্তু বছৰ বছৰ ধৰি এনে আঁচনি বিকল হৈ থকাত বিশুদ্ধ পানীৰ পৰা বঞ্চিত হৈছে হাজাৰ হাজাৰ লোক৷

তাৰ মাজতে যোৱা বিধান সভা নিৰ্বাচনত বিজেপি দলে নিৰ্বাচনৰ সময়ত প্ৰতিখন সভাত বিশুদ্ধ পানী যোগান দিয়াৰ কথা উল্লেখ কৰিছিল৷ কিন্তু চৰকাৰ গঠন হোৱাৰ ২ বছৰ পাৰ হ’বৰ হ’ল যদিও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰতি ঘুৰি চাবলৈয়ে আঁহৰি পোৱা নাই চৰকাৰে৷ ‘সবকে সাথ সবকা বিকাশ’ৰ শ্ল’গানেৰে ক্ষমতাৰ গাডী দখল কৰা মিত্ৰজোঁটৰ চৰকাৰ খনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগটোৱে যে সবকা সাথ সবকা বিকাশ কৰিব পৰা নাই তাৰ অলেখ উদাহৰণ আছে৷

জ্বলন্ত উদাহৰণ হৈছে হোজাই জিলাৰ উদালীৰ লংকাজান পানী যোগান আঁচনি৷ জনস্বাস্থ্য কাৰিকৰী বিভাগে উদালীৰ লংকাজান গাঁৱত স্থাপন কৰা পানী যোগান আঁচনিয়ে বিশুদ্ধ খোৱাপানীৰ নামত ভেকোভাওঁনা হে কৰি আহিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে৷ প্ৰায় ২০ বছৰ পূৰ্বে বিশুদ্ধ খোৱাপানী যোগানৰ উদ্দেশ্য স্থাপন কৰা পানী যোগান আঁচনি খন মুকলিৰ কেইদিন মান পিছতেই বিকল হৈ পৰে৷

পিছত স্থানীয় ৰাইজে, বিকল আঁচনিখনক পুনৰ কাৰ্যক্ষম কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আবেদন-নিবেদন কৰি অহাৰ পিছতো বিষয়া-ঠিকাদাৰে লগলাগি পুনৰ মেৰামতি কৰিলে ঠিকেই কিন্তু কিছু দিনৰ পিছতেই পুনৰ অচল হৈ পৰিল আঁচনিটো৷ স্থানীয় ৰাইজে বিষয়াই তদাৰক নকৰাৰ ফলত ঠিকাদাৰে নিম্ন মানদণ্ডৰ কাম কৰাৰ ফলত লাখ লাখ টকা খৰছ কৰাৰ পিছতো আজিও বিকল হৈ ৰৈছে এই পানী যোগান আঁচনি খন৷ বৰ্তমান কাগজে কলমে হে চলি আছে উদালী লংকাজান পানী যোগান আঁচনি৷