গোলকগঞ্জঃ ৰাজহুৱা ধনৰ অপচয় কৰে খোদ চৰকাৰে৷ কোটি কোটি টকা খৰছ কৰি আঁচনি নিৰ্মাণ কৰে যদিও বহু সময়ত ব্যৱহাৰ নোহোৱাকৈয়ে সেইবোৰ জহি খহি যায়৷ চূণ-তেল সনা এখন চিকিৎসালয়ো জহি-খহি যোৱাৰ উপক্ৰম হৈছে৷ চিকিৎসালয়খনত যোৱা এটা বছৰে নাই চিকিৎসক-নাৰ্ছ৷

যোৱা তিনিবছৰে চিকিৎসালয়খনত ওলমি আছে তলা৷ ধুবুৰী জিলাৰ বি টি এ ডিৰ সমীপৰ গোলকগঞ্জ বিধান সভা সমষ্টিৰ অন্তৰ্গত পাগলাহাটত এক কোটি ১৪ লাখ টকা ব্যয় সাপেক্ষে ২০১৪ চনৰ ৭ চেপ্তেম্বৰত পাগলাহাট নতুন প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ নামেৰে এখন চিকিৎসালয় নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত৷

২০১৬ চনৰ ডিচেম্বৰ মাহত কাম সম্পূৰ্ণ কৰি ঠিকাদাৰে বিভাগীয় কৃৰ্তৃপক্ষক চিকিৎসালয়খনৰ গৃহ অৰ্পণ কৰে। বৃহত্তৰ অঞ্চলত চিকিত্সালয় নথকাত গ্ৰাম্য অঞ্চলৰ লোকসকলে চিকিত্সালয় খন স্থাপন কৰাত আনন্দিত হৈছিল৷ কিন্তি পৰিতাপৰ বিষয় প্ৰাথমিক চিকিত্সা কেন্দ্ৰটোত আজিলৈ চিকিত্সক-নাৰ্ছ নিযুক্তি নিদিলে চৰকাৰে৷ পাগলাহাটৰ লোকসকলে প্ৰায় ১৪ কিঃ মিঃ অতিক্ৰম কৰি তামাৰহাটত প্ৰাথমিক চিকিৎসালয়ত চিকিৎসা কৰিব লগা হয়৷