
newsnextone.com | ৰঙিয়াঃ শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কামৰূপ গ্ৰাম্য জিলাৰ দুগৰাকী পৰীক্ষাৰ্থীয়ে প্ৰথম দহগৰাকীৰ ভিতৰত স্থান লাভ কৰে৷ ৰঙিয়া মহকুমাৰ পুঠিমাৰী পায়নিয়ৰ একাডেমীৰ ছাত্ৰী সীমা কুইন কাশ্যপ আৰু দদৰাৰ অংকুৰজ্যোতি ঠাকুৰীয়াই দহগৰাকীৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হয়৷
ৰাজ্যৰ ভিতৰত চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয় সীমা কুইন কাশ্যপে আৰু অংকুৰজ্যোতি ঠাকুৰীয়াই অষ্টম স্থান দখল কৰে৷ সীমা কুইন কাশ্যপৰ ফলাফল লাভ কৰাৰ পিছতে পায়নিয়াৰ একাডেমীৰ শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰী আনন্দিত হৈ পৰে৷
ছাত্ৰীগৰাকীৰ বালিসত্ৰ গাঁৱতো এক উৎসৱ মুখৰ পৰিবেশে সৃষ্টি হয়। ফলাফলৰ পিচতে ছাত্ৰীগৰাকীৰ গৃহত আঞ্চলটোৰ আছু নেতৃত্বকে ধৰি কেইবাটাও ছাত্ৰ সংগঠনৰ বিষয়-ববীয়া উপস্থিত হৈ মেধাবী সীমাক শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰয়াত প্ৰফুল্ল কলিতা আৰু অনিমা কলিতাৰ জীয়ৰী মেধা ছাত্ৰীগৰাকীয়ে এগৰাকী বৈজ্ঞানিক হোৱাৰ সপোন পুহি ৰাখিছে বুলি কয়। অসমীয়া বিষয়ত ৯৯, ইংৰাজীত ১০০, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৭ সমাজ বিজ্ঞানত ৯৬ আৰু উচ্চ গণিতত ৯৮ নম্বৰসহ মুঠ ৫৯০ লাভ কৰিবলৈ সক্ষম হয়৷
ছাত্ৰীগৰাকীৰ পিতৃ প্ৰফুল্ল ৰাম কলিতা কানিকুছি এম ই স্কুলৰ প্ৰধান শিক্ষক আছিল যদিও শিক্ষকতা কৰি থকা অৱস্থাতে ২০১৪ চনত অকল মৃত্যুক সাৱটি লয়৷ মাতৃয়ে অনিমা কলিতাই বড়িগোগ হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত হৈ আছে। কামৰূপ গ্ৰাম্য জিলাৰ পূৱ বংশৰৰ গাঁৱৰ অংকুৰজ্যোতি ঠাকুৰীয়াই ৫৮৬ নম্বৰ লাভ কৰি অষ্টম স্থান লাভ কৰে৷ দদৰা শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ অংকুৰজ্যোতি ঠাকুৰীয়াই আটাইকেইটা বিষয়তে লেটাৰ লাভ কৰাৰ লগতে শীৰ্ষৰ দহগৰাকীৰ ভিতৰত স্থান লাভ কৰি কামৰূপলৈ গৌৰৱ কঢ়িয়াই আনে৷