newsnextone.com | নলবাৰীঃ ৰাজ্যৰ বিভিন্ন জিলাৰ দৰেই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পিছতে স্থানপ্ৰাপ্তক লৈ আনন্দ উছাহ অব্যাহত আছে নলবাৰী জিলাত৷ শিক্ষাৰ ক্ষেত্ৰত সদায় আগবঢ়া জিলাত খনত এইবেলি তিনিগৰাকী মেধা ছাত্ৰই শীৰ্ষৰ দহগৰাকীৰ ভিতৰত স্থান দখল কৰিছে৷ 

শুকুৰবাৰে ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ আন কেইবাখনো জিলাৰ দৰেই নলবাৰী জিলাৰ তিনিগৰাকী ছাত্ৰই প্ৰথম দহগৰাকীৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হয়৷ জিলা খনৰ প্ৰিটপল বেজবৰুৱা, দেৱাশীষ ভৰদ্বাজ আৰু স্নেহাশিষ গুপ্তা দত্তই স্থান লাভ কৰে৷ যাৰ ফলত গৌৰাৱান্বিত হৈ পৰিছে জিলাবাসী য়ে৷

নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত টিহু হাইস্কুলৰ পূৰ্বৰ ধাৰা অব্যাহত ৰাখি এইবেলিও ভাল ফলাফল প্ৰদৰ্শন কৰে৷ টিহু হাইস্কুলৰ ছাত্ৰ প্ৰিটপল বেজবৰুৱাই দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়৷ ৫৯২ নম্বৰ লাভ কৰি সমূহ বিষয়তে লেটাৰ সহ প্ৰিটপল বেজবৰুৱাই দ্বিতীয় স্থান দখল কৰে৷ 

জিলাখনৰ আন এখন ইতিহাস প্ৰসিদ্ধ শিক্ষানুষ্ঠান নলবাৰী জিলাৰ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে পূৰ্বৰ দৰেই ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয়৷ চমতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দেৱশীষ ভৰদ্বাজে ৫৯০ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰে৷

জিলা খনৰ আন এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বালিকৰিয়া বাসুদেৱ বিদ্যাপীঠেৰ ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাই৷ নলবাৰী জিলাৰ বালিকৰিয়া বাসুদেৱ বিদ্যাপীঠৰ ৰাজা স্নেহাশিষ গুপ্তা দত্তই ৫৮৯ নম্বৰ লাভ কৰি পঞ্চ স্থান লাভ কৰে৷