দলংঘাটঃ বিষপান কৰি এগৰাকী বিবাহিত মহিলাই আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে দৰং জিলাত৷ জানিব পৰা মতে, দৰং জিলাৰ পাথৰিঘাট আৰক্ষী চকীৰ অন্তৰ্গত জামৰাইপাৰা গাঁৱৰ এহাল দম্পতীয়ে বৃহস্পতিবাৰে বিষ খাই আত্মহত্যাৰ চেষ্টা চলায়।  এই ঘটনাত স্ত্ৰীগৰাকীৰ মৃত্যু হয় যদিও স্বামী বৰ্তমান চিকিৎসাধীন হৈ আছে।

বিষপান কৰি আত্মহত্যাৰ চেষ্টা চলোৱা এই স্বামী-স্ত্ৰীহাল হৈছে আনোৱাৰ হুছেইন আৰু ৰুণুৱাৰা বেগম। প্ৰায়ে সৰু সৰু কথাক লৈ কাজিয়াত লিপ্ত হৈ আহিছিল স্বামী-স্ত্ৰী। অৱশেষত বৃহস্পতিবাৰে দুপৰীয়া নিজ ঘৰৰ কোঠাত দুয়ো একেলগে বিষ পান কৰে৷ যাৰ ফলত স্বামী-স্ত্ৰী দুয়োগৰাকীয় গুৰুতৰভাৱে অসুস্থ হৈ পৰে৷

দুয়োকে চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও পত্নী ৰুণুৱাৰা বেগমৰ মৃত্যু হয়৷ ৰুণুৱাৰাৰ পৰিয়ালে ৰুণুৱাৰাক হত্যা কৰি নিৰ্দোষী প্ৰমাণ কৰিবৰ বাবেহে সামান্যতম বিষ পান কৰি নাটক ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰে আনোৱাৰৰ বিৰুদ্ধে।

যাৰ ফলত সমস্ত ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে৷ কেইমাহমান পূৰ্বে জিলাখনৰ জামৰাইপাৰা গাঁৱৰ আনোৱাৰ হুছেইনে একেখন জিলাৰ চেঙেলীয়া গাঁৱৰ ৰুণুৱাৰাৰ সৈতে সামাজিকভাৱে বিবাহপাশত আৱদ্ধ হৈছিল।

বিবাহৰ পিছৰে পৰা বিভিন্ন কাৰণত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈ আহিছিল। স্বামীৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ মাজতে ৰুণুৱাৰাই মাকৰ ঘৰতো কিছুদিন থাকিছিল।ৰুণুৱাৰাৰ পৰিয়ালে ৰুণুৱাৰাক হত্যা কৰি ঘটনাটো অন্য ৰূপ দিবৰ বাবে মুখত বিষ ঢালি আনোৱাৰেও বিষ খোৱাৰ অভিনয় কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। আনহাতে ৰুণুৱাৰাৰ শৰীৰত আঘাতৰ চিনৰ থকা বুলিও দাবী কৰে পৰিয়ালে।