ধনশিৰিঃ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পালন কৰে নে ৰাজনৈতিক দলৰ সৰু-বৰ নেতাই? দৰিদ্ৰ অসহায় লোকক সহায় কৰাৰ প্ৰতিশ্ৰুতি দি সহায় কৰে নে?

এইটো কৰিম, সেইটো কৰিম বুলি ভোট লৈ কাম কৰাটো দূৰৈৰ কথা দৰিদ্ৰ ৰাইজৰ হে উন্নয়নৰ বাবে অহা টকা কেইটাৰ এটা অংশ খায় দৰিদ্ৰ দৰদী নেতাসকলে৷ নেতাৰ এনে দৰিদ্ৰপ্ৰীতিৰ বাবে এতিয়া গোলাঘাট জিলাত ৫০০০ টকা নিদিলে নাপায় প্ৰধানমন্ত্ৰীৰ আৱাস গৃহৰ ঘৰ৷  

এই অভিযোগ জিলাখনৰ একাংশ লোকৰ৷ গোলাঘাট দক্ষিণ উন্নয়ণ খণ্ডৰ অন্তৰ্গত পূৱ-বৰপথাৰ গাঁও পঞ্চায়তত কংগ্ৰেছ সভানেত্ৰী দেৱী খনালৰ বিৰুদ্ধে এই অনিয়ম তথা দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে।

পূৱ-বৰপথাৰ পঞ্চায়তৰ অন্তৰ্গত ৯নং ৱাৰ্ডৰ চকলি পথাৰ গাঁৱৰ চৰপন বেচেৰা, বুধু উৰাং, ধন মাৰ্দি, কৃষ্ণ শ্ৰেষ্ঠৰ নামত বিগত সময়ত ইন্দিৰা আৱাস যোজনাৰ আচঁনিৰ একোটাকৈ গৃহ আৱন্টিত হৈছিল যদিও আজিও গৃহকেইটা সম্পূৰ্ণ হৈ নুঠিল।

গৃহকেইটা সম্পূৰ্ণ হৈ নুঠাৰ লগতে পঞ্চায়তটোৰ সভানেত্ৰীগৰাকীয়ে ৫,০০০ কৈ টকা লৈ তেওঁলোকক ঘৰ দিয়া বুলি অভিযোগ কৰে। গৃহ সমূহ সম্পূৰ্ণ নোহোৱাত হিতাধিকাৰীসকলে বাকী থকা টকা মোকলাই দিয়াৰ দাবী জনাই যদিও পুনৰ টকা বিচাৰে কংগ্ৰেছ সভানেত্ৰীগৰাকীয়ে।

আনহাতে উক্ত ৱাৰ্ডৰে চকলি পথাৰ গাঁৱৰ প্ৰমোদ গোৱলা ওৰফে পৱন গোৱলাৰ নামতো ২০১৩-২০১৪ বৰ্ষত এটা গৃহ আবন্টন হৈছিল। প্ৰমোদৰো গৃহটো আজিলৈ সম্পূৰ্ণ হৈ নুঠিল৷

গোৱলাৰ গৃহটো পকীবেৰৰ পৰিৱৰ্তে সজালে বাঁহেৰে, নাই দুৱাৰ-খিৰিকি। ২০১৫-২০১৬ বৰ্ষত ৯নং ৱাৰ্ডৰ চকলিপথাৰ গাঁৱৰে ধন মাৰ্দিৰ নামতো এটা আই এ ৱাই গৃহ আৱন্টন হৈছিল।

গৃহটো নিৰ্মাণৰ নামত ৬টা পকী খুটা থিয় হৈ থকা দেখা যায়৷ ২০১৩ বৰ্ষতে পাভজান গাঁৱৰ দিলীপ তিৰ্কী, বিমলা উৰাং, হেজাৰী গাঁৱৰ নৰেন বৰাৰ নামতো এই গৃহ আৱন্টন হৈছিল যদিও নিৰ্মাণ কৰা দেখা নগ'ল গৃহ৷ আচঁনিৰ জৰিয়তে নিৰ্মাণ হোৱা গৃহসমূহৰ বিত্তীয় খেলিমেলিৰ সন্দেহ কৰিছে ৰাইজে৷

ৰাইজৰ স্বাৰ্থৰ প্ৰতি চিন্তা নকৰা কমিছনৰ অংকত ব্যস্ত থকা কংগ্ৰেছ সভানেত্ৰী গৰাকীৰ দুৰ্নীতি তথা অনিয়ম সন্দৰ্ভত তদন্তৰ দাবী জনাইছে ৰাইজে।