যোৰহাটঃ আই চি আই চি আই বেংকৰ যোৰহাট শাখাত ১৮ লাখ টকা লুটি নিয়াৰ এটা ৰহস্যজনক ঘটনা পোহৰলৈ আহিছে৷

আজি পুৱা প্ৰায় ১১ মান বজাত ৰেডিয়েণট কেচ মেনেজমেণ্ট নামৰ প্ৰতিষ্ঠানটোৰ আব্দুল চাট্টাৰ নামৰ কৰ্মচাৰীজনে আনদিনাৰ দৰে আজিও ভাৰতীয় জীৱন বীমাৰ ১৮ লাখ টকা জমা দিবলৈ আহে ৷

চাট্টাৰে টকাখিনি জমা দিয়াৰ পাছত কেচ কাউন্টাৰত ৰিচিপতৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে কেচ কাউন্টাৰট থকা ক্ষীৰোদ দত্তই অলপ সময় চাট্টাৰক অপেক্ষা কৰিবলৈ কৈ টকাৰ বেগটো কেচ কাউন্টাৰতে থৈ আঁতৰি যায় ৷ কোনো নথকাৰ সুযোগলৈ এজন দূস্কৃতিকাৰীয়ে টকাৰ বেগ লৈ উধাও হয়৷

ইতিমধ্যে যোৰহাট আৰক্ষীয়ে আব্দুল চাট্টাৰ এজাহাৰৰ ভিত্তিত কেচিয়াৰ ক্ষীৰোদ দত্ত আৰু বেংকটোৰ চিকিউৰটি গৰ্ডজনক আটক কৰে৷

আনহাতে বেংক কৰ্মচাৰীৰ এজাহাৰৰ ভিত্তিত আব্দুল চাট্টাৰকো যোৰহাট আৰক্ষীয়ে আটক কৰিছে ৷ পুৱা সংঘটিত হোৱা ঘটনাটো বহু পলমকৈ আৰক্ষীক অৱগত কৰাত সমগ্ৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে৷