
চৰাইদেউঃ যিসময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত, বিদ্যালয়, ধৰ্মীয় অনুষ্ঠানৰ সমীপত বৈধ অনুজ্ঞাপত্ৰ থকা মদৰ বিপণীসমূহ আঁতৰ কৰাৰ বাবে চৰকাৰ-প্ৰশাসন কঠোৰ হৈ পৰিছে সেই সময়তে চৰাইদেউ জিলাত দেখা গৈছে বিপৰীত দৃশ্য।
জিলাখনৰ সোণাৰি উন্নয়নখণ্ডৰ অধীনৰ ভজো গাঁও পঞ্চায়তে ভাড়া দিয়া কোঠাত অবাধে প্ৰশাসনক বুঢ়া আঙুলি প্ৰদৰ্শন কৰি চলি আছে অবৈধ মদৰ বিপণী। ভজো গাঁও পঞ্চায়তৰ কোঠা দোকান দিয়াৰ বাবে ভাড়াত লৈ আজি প্ৰায় দুবছৰ ধৰি জনৈক খামপাই নামৰ এজন যুৱকে চলাই আছে অবৈধ মদৰ ব্যৱসায়।
পঞ্চায়ত কৰ্তৃপক্ষক ব্যৱসায় বন্ধৰ দাবী জনাই আহিলেও পঞ্চায়ত কৰ্তৃপক্ষই আজিকোপতি কোনো গুৰুত্ব দিয়া নাই। ভজো গাঁও পঞ্চায়ত আৰু সোণাৰি উন্নয়ন খণ্ডক শীঘ্ৰে এই ব্যৱসায় বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ধৰ্মেন্দ্ৰ ফুকন আৰু সাধাৰণ সম্পাদক ৰাজীৱ ৰাজকোঁৱৰে৷
নগৰৰ চাৰিওদিশে অবাধে চলি থকা ধাবা, অবৈধ মদ, ভাং আৰু নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায় ৰোধ কৰাৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে ইতিপূৰ্বে চৰাইদেউ আৱকাৰী অধীক্ষকক স্মাৰক-পত্ৰ প্ৰদান কৰিছিল যদিও বিভাগটোৱে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰাইদেউ আবকাৰী বিভাগৰ এই অকৰ্মণ্যতাক তীব্ৰ গৰিহণা দিয়ে। পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে সোণাৰি নগৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত চলি থকা মদ, ভাং আদিৰ অবৈধ ব্যৱসায় ৰোধৰ বাবে আৱকাৰী বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে ভজো পঞ্চায়তৰ চৰকাৰী ভাড়া ঘৰত অবৈধ মদৰ বিপণী অনতিবিলম্বে বন্ধ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনক হস্তক্ষেপৰ দাবী জনায়।
অন্যথাই যুৱ-ছাত্ৰ পৰিষদে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সমন্তৰালকৈ নিজাববীয়াকৈ পদক্ষেপ লবলৈ বাধ্য হব বুলি স্পষ্ট কৰি দিয়ে।