গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত গোৰেশ্বৰ বাছ আস্থানৰ পৰা আজি দিনৰ ১.৩০ বজাত তিনিজন তীৰ খেলৰ লগত জড়িত তিনি যুবকক আটক কৰে গোৰেশ্বৰ আৰক্ষীয়ে।

জানিব পৰা মতে বাগসা জিলা আৰক্ষী বিষয়া কংকন কুমাৰ নাথ আৰু গোৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেৰাম্ব গোস্বামীৰ নেতৃত্বত চলা এক অভিযানত তিনি যুবকক আটক কৰা হয়।

যুৱক তিনিজন ক্ৰমে জিন্তু চৌধুৰী, বৃহস্পতি বড়ো আৰু আৰছেদ আলী বুলি জানিব পৰা গৈছে। তিনিও যুবক তীৰ খেলৰ টিকট বিক্ৰীৰ সৈতে জড়িত থকাৰ অভিযোগ আছে।

উল্লেখযোগ্য যে বিগত ভালেমান দিন ধৰি সমগ্ৰ গোৰেশ্বৰ অঞ্চলটোক তীৰ-জুৱাই ছানি ধৰাত ছাত্ৰ-শিক্ষককে ধৰি নিম্ন মধ্যবিত্ত শ্ৰেণীৰ একাংশক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে।