newsnextone.com | চাবুৱাঃ সমাজৰ বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানে জনাই অহা অভিযোগ-প্রতিবাদক অৱজ্ঞা কৰি ডিব্ৰুগড় জিলাৰ চাবুৱা থানাৰ অন্তৰ্গত অঞ্চলটোৰ বিভিন্ন স্থানত অব্যাহত আছে অবৈধ চুলাই মদ আৰু লালীগুড়ৰ ৰমৰমীয়া ব্যৱসায়৷ অবৈধ চুলাই মদ আৰু লালীগুড়ৰ ঘাটি সমূহে বিনষ্ট কৰিছে শৈক্ষিক তথা সামাজিক পৰিৱেশো। 

এই চুলাই মদ আৰু লালীগুড়ৰ ঘাটিসমূহে বৰবিহ বিয়পায় নৱপ্রজন্মক পংগু কৰি ধ্বংস মুখলৈ ঠেলি দিছে। অঞ্চলটোত থকা অসংখ্য অবৈধ চুলাইৰ ঘাটি সমূহত সন্ধিয়া হোৱাৰ লগে লগে একাংশই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে উক্ত ঘাটি সমূহত দুই-এক শিক্ষক-ছাত্রৰো প্রৱেশ ঘটা কাণ্ডই সমাজলৈ এক অশনি সংকেত কঢ়িয়াই আনিছে বুলি উদ্বেগ প্রকাশ কৰিছে সচেতন মহলে৷ 

উল্লেখ্য যে, বাটে-ঘাটে মাতাল লোকৰ অসংযত বিচৰণে সাধাৰণ জীৱন-যাপনৰ দুর্বিহহ হোৱাৰ উপৰিও অঞ্চলটোত কেইবাজনো লোকে অকাল মৃত্যুক সাৱতি লোৱা বুলি জানিব পৰা গৈছে। এই ক্ষেত্রত আবকাৰী বিভাগৰ চৰম অবহেলা অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷

চাবুৱা নগৰৰ বহুকেইখন হোটেলত চুলাই মদৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ লগতে চাবুৱা থানাৰ পৰা মাত্ৰ আধা কিলোমিটাৰ দূৰত অব্যাহত থকা লালীগুড়ৰ ৰমৰমীয়া ব্যৱসায়ে অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰা বুলি স্থানীয় ৰাইজে কেইবাবাৰো আৰক্ষীক অৱগত কৰাৰ পিছতো আবকাৰী বিভাগ কিম্বা আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আৰক্ষীৰ ভূমিকাক লৈ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে৷ 

ৰাইজৰ অভিযোগ অনুসৰি, আবকাৰী বিভাগ আৰু আৰক্ষীৰ লগত গুপন বুজাবুজিৰে অঞ্চলটোত অসাধু ব্যৱসায়ীয়ে চুলাই বিক্ৰি কৰাৰ লগতে লালীগুৰৰ ৰমৰমীয়া ব্যৱসায় চলাই থকিব পাৰিছে৷

এই বৰবিহ স্বৰূপ চুলাই মদ আৰু লালিগুড়ৰ অবৈধ ব্যৱসায় সমূহ বন্ধ কৰি অঞ্চলটোলৈ সুস্থ পৰিৱেশ উভটাই আনিবলৈ সচেতন মহলে আৰক্ষী-প্ৰশাসনৰ ওচৰত দাবী জনাইছে৷