
খেৰণিঃ অসমৰ ৰেচম উদ্যোগ এটি আপুৰুগীয়া শিল্প আৰু অতি প্ৰাচীন কৃষিভিত্তিক গ্ৰাম্য উদ্যোগ। অসমৰ প্ৰায় ৭০০০ খনতকৈ অধিক গাঁৱৰ প্ৰায় ২ লাখ পৰিয়ালে ৰেচম শিল্পৰ লগত প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে জড়িত। অসমত এৰী, মুগা, পাট আৰু টচৰ এই ৪ বিধ পলুৰ পালন কৰে এই শিল্পৰ সৈতে জড়িত কৃষক ৰাইজে৷ অৱশ্যে ইয়াৰে ভিতৰত এৰী শিল্পৰ লগত অসমৰ প্ৰায় ডেৰ লাখ পৰিয়াল জড়িত হৈ আছে।
কাৰ্বি-আংলং, কোকৰাঝাৰ, লক্ষিমপুৰ, ধেমাজী, কামৰূপ, গোৱালপাৰা, যোৰহাট, দৰং আদি জিলাত এৰী পলু পালন কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে এই শিল্প তথা গ্ৰাম্য উদ্যোগে অসমৰ অৰ্থনীতিৰ দিশটোৰ উপৰিও সাংস্কৄতিক দিশত ইয়াৰ গুৰুত্ব অশেষ৷ আৰম্ভনীতে অসমৰ শুৱালকুছিত পাট-মুগাৰ শিল্প কেন্দ্ৰীভূত হৈ আছিল যদিও বৰ্তমান অন্যান্য ঠাইলৈকো এই শিল্পই বিস্তাৰ লাভ কৰিছে৷
সমসাময়িকভাৱে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙতো অসম চৰকাৰৰ অধিনত অথবা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধীনত পাহাৰীয়া জিলাখনৰ বিভিন্ন প্ৰান্তৰ গ্ৰামাঞ্চলসমুহত ৰেচম বিভাগে স্থাপন কৰিছে কেইবাখনো লেখত ল’বলগীয়া অতি প্ৰাচীন কৃষিভিত্তিক এই গ্ৰাম্য উদ্যোগ তথা পাট-মুগা-এৰী উৎপাদন প্ৰতিষ্ঠান৷
কিন্তু গুৰুত্বপূৰ্ণ যে গ্ৰাম্যাঞ্চলৰ জীৱিকাৰ তথা আত্ম-সংস্থাপনৰ প্ৰতি লক্ষ্য ৰাখি কম মুলধনেৰে উপাৰ্জনক্ষম হোৱাৰ উদ্দেশ্যেৰে পাহাৰীয়া জিলাখনত এই কৃষিভিত্তিক উৎপাদন প্ৰতিষ্ঠানসমুহ স্থাপন কৰা হৈছিল যদিও বৰ্তমানত জিলাখনত স্থাপন কৰা প্ৰতিষ্ঠানসমুহত সম্প্ৰতি চৰম বিফলতাৰ এক নগ্ন ছবি দেখিবলৈ পোৱা গৈছে৷
বিশ্ববিখ্যাত এৰী, মুগা আৰু পাট সূতাৰে গঢ় লৈ উঠা অসমৰ লগতে কাৰ্বি পাহাৰৰ ৰেচম শিল্পলৈ নামি আহিছে একপ্ৰকাৰে অশনি সংকেত৷ ইতিমধ্যে দীৰ্ঘদিন ধৰি উৎপাদন বিহীনভাবে কাৰ্বি আংলঙৰ ৰেচম বিভাগৰ অধিনত থকা উমখ্ৰিমী ৰেচম উদ্যোগ প্ৰতিষ্ঠানৰ বিপৰীতে মুঠাদে, ফাংলাংছ’-চিৰিমথিপি, খেৰণিৰ মাটিখোলা, লাংহেমফি ৰেচম উদ্যোগৰ উপৰিও উল্লেখিত বহু ৰেচম উদ্যোগ প্ৰতিষ্ঠান পুতৌজনক অৱস্থাৰে চলি আছে এই জিলাখনত৷
আনকি উৎপাদন প্ৰতিষ্ঠানসমুহৰ কাৰ্য্যালয় গৃহকে আদি কৰি বিষয়া-কৰ্মচাৰীৰ আৱাস, অতিথিশালা আদি পৰ্যন্ত জহি-খহি নিশ্চিহ্ন হোৱাৰ দিশে গতি কৰাও পৰিলক্ষিত হৈছে জিলাখনত৷ ইয়াৰ উপৰিও এই উৎপাদন প্ৰতিষ্ঠানসমুহত সুদীৰ্ঘ কাল ধৰি শূণ্য উৎপাদনেৰেই ঘৰত বহিয়েই বিষয়া-কৰ্মচাৰীসকলেও ভোগ কৰি আহিছে নিজৰ প্ৰাপ্য মাহেকীয়া দৰমহা৷ মুঠতে লক্ষণীয় যে কাৰ্বি পাহাৰত অৱস্থিত এই ৰেচম উৎপাদন প্ৰতিষ্ঠানসমুহ এতিয়া ক্ৰমান্বয়ে তত্বাৱধান তথা প্ৰয়োজনীয় গুৰুত্বৰ অভাৱত, সংশ্লিষ্ট বিভাগটোৰ অৱহেলা আৰু বিভাগীয় বিষয়া-কৰ্মচাৰীৰৰ কৰ্ম গাফিলতিত আজি এইদৰে জখি-খহি ধ্বংসস্তূপৰ ৰূপ লোৱাৰ বিপৰীতে সামগ্ৰীকভাৱে প্ৰতিখন উৎপাদন প্ৰতিষ্ঠানেই সম্প্ৰতি এৰাবাৰীত পৰিনত হৈছেগৈ৷
আনফালে আকৌ কোনো ধৰনৰ শ্ৰমদান অথবা চৰকাৰী দায়িত্ব পালন নকৰাকৈ এনেদৰে চৰকাৰী চাকৰীৰ নামত ঘৰত বহিয়েই দৰমহা আদায় কৰিব পৰাটো একপ্ৰকাৰ বিষয়া কৰ্মচাৰৰীৰ বাবে বিভাগটো এতিয়া এটা সোণৰ কণী পাৰা হাঁহত পৰিণত হৈছে বুলি একাংশ স্থানীয়লোকেও মত পোষণ কৰিছে৷
অৱশ্যে ধ্বংসাৱশেষেৰে সাক্ষী হৈ ৰোৱা উল্লেখিত ৰেচম উৎপাদন প্ৰতিষ্ঠানসমুহত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধীনত ৰেচম বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য ৰাজু তিছ’ আৰু পৰিষদীয় সদস্যা ৰীণা টেৰাংপিয়ে কিছুদিন পূৰ্বে স্বয়ং উপস্থিত হৈ প্ৰতিষ্ঠানসমুহৰ পয়ালগা অৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰিছে৷
লগতে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষন কৰিব পৰা ৰেচম শিল্পৰ এই প্ৰতিষ্ঠানসমুহক পুনৰ কিদৰে গঢ় দিব পাৰি বা পুনৰুজ্জিৱীত কৰিব পাৰি অথবা অভাৱ আৰু সমস্যাৰ সমাধানেৰে কিদৰে উৎপাদনক্ষম কৰিব পৰা যায়, সজাগমুলক ব্যৱস্থাৰে উপাৰ্জনৰ এক সহজ উপায় হিচাপে কিদৰে স্থানীয়লোকক এই শিল্পৰ সৈতে জড়িত হোৱাৰ মননশীল মানসিকতাৰ সৃষ্টি কৰিব পৰা যায় সেই সন্দৰ্ভত বিতং আলোচনা কৰে বিভগটোৰ ঊৰ্ধতম বিষয়া কৰ্মচাৰী সৈতে জনপ্ৰতিনিধিদ্বয়ে৷
আৰু অতি কম দিনৰ ভিতৰতে জৰ্জৰিত হৈ থকা এই প্ৰতিষ্ঠানসমুহত পুনৰ নিয়মীয়াভাৱে উৎপাদন কৰিব পৰা অৱস্থালৈ ঘুৰাই অনাৰ বাবে প্ৰয়োজনী ব্যৱস্থা লোৱা হ’ব বুলি ৰাইজক জানিবলৈ দিয়াৰ লগতে ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনায় ৰাজু তিছ’ আৰু ৰীণা টেৰাংপিয়ে৷