গোৰেশ্বৰঃ ঐক্য-সংহতিৰ বাৰ্তা লৈ শুকুৰবাৰৰ পৰা আৰম্ভ হ’ল বাক্সা জিলাৰ গোৰেশ্বৰত ৰাস মহোৎসৱ৷ ভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষীৰ মিলনভূমি গোৰেশ্বৰত সাম্প্ৰদায়িক সদ্ভাৱনাৰ বাৰ্তা লৈ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ মুখ্যদ্বাৰ উন্মোচন কৰে ব্ৰাউফেডৰ অধ্যক্ষ বিনোদ নাৰ্জাৰীয়ে। নাৰ্জাৰীয়ে গোৰেশ্বৰত ৰাস মহোৎসৱ উত্তৰোত্তৰ কামনা কৰাৰ লগতে এনে ধৰণৰ উৎসৱৰ জৰিয়তে সাম্প্ৰদায়িক সদ্ভাৱনাৰ বান্ধোন আৰু কটকটীয়া হ'ব বুলি আশা প্ৰকাশ কৰে।

ইয়াৰ পিছতে উদযাপন সমিতিৰ সভাপতি ধনঞ্জয় বসুমতাৰীয়ে পূজা মণ্ডপ উন্মোচন কৰে। এই বেলি ধুমধামেৰে পালন কৰিবলৈ লোৱা হৈছে গোৰেশ্বৰত। ৩ পৰা ১৪ নবেম্বৰলৈ গোৰেশ্বৰ বজাৰ খলাত বাৰদিনীয়াকৈ আয়োজিত ৰাস উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজনৰ বাবে ইতিমধ্যে উদযাপন সমিতি সাজু হৈ উঠিছে।

ৰাস মহোৎসৱ উপলক্ষে প্ৰতিদিনে নাম প্ৰসংগ, ওজাপালি, ভাগৱত পাঠ, আয়তীৰ নাম, নাগাৰা নাম, চুপাৰষ্টাৰ প্ৰতিযোগিতা, সংগীত শিল্পীৰ সংগীতানুষ্ঠান আদিৰ আয়োজনৰ জৰিয়তে ভক্তপ্ৰাণ ৰাইজক আকৰ্ষিত কৰিবলৈ ইতিমধ্যে সাজু হৈছে উদযাপন সমিতি।

লগতে ৪, ৫ আৰু ৬ নবেম্বৰত ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ দ্বাৰা জীৱন্ত মানৱ দ্বাৰা ৰাস লীলা প্ৰদৰ্শন বিশেষ আকর্ষণীয় হ'ব। ৮, ৯ আৰু ১০ নবেম্বৰত গোৰেশ্বৰৰ পৰা আত্মপ্ৰকাশ কৰা লুইতপৰীয়া থিয়েটাৰে নাট নিবেদন কৰিব।সমূহ কাৰ্যসূচী উদযাপন সমিতিয়ে সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে। ব্যাপক প্ৰস্তুতিৰে ইতিমধ্যে ৫৫সংখ্যক গোৰেশ্বৰ আঞ্চলিক ৰাস মহোৎসৱৰ শুভাৰম্ভণী হয়৷