কোকৰাঝাৰঃ ভাৰতীয় সেনাৰ তৃতীয় ৰাজপুত ৰেজিমেন্টৰ অপাৰেচন সদ্ভাৱনা আঁচনিৰ উদ্যোগত দেওবাৰে কোকৰাঝাৰৰ পৰা ২০ গৰাকী ছাত্ৰই মুম্বাই, পুনে আৰু গোৱা অভিমুখে যাত্ৰা আৰম্ভ কৰে৷

দেশৰ বিভিন্ন ঐতিহাসিক স্থান সমূহ পৰিদৰ্শনেৰে ছাত্ৰ সকলক দেশৰ ঐক্যতা, অখণ্ডতাৰ বিষয়ে সম্যক জ্ঞান দিবলৈ কোকৰাঝাৰৰ পাথৰঘাটৰ তৃতীয় ৰাজপুত ৰেজিমেণ্টৰ কেম্পৰ পৰা আৰম্ভ কৰা যাত্ৰা আনুষ্ঠানিকভাৱে পতাকা জোকাৰি শুভাৰাম্ভ কৰে বিটিএডিৰ আইজিপি অনুৰাগ আগৰৱালাই।

সেনাৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ সৰ্বমুঠ ২০ গৰাকী শিক্ষাৰ্থীয়ে দেশৰ মুম্বাই, পুনে আৰু গোৱাৰ বিভিন্ন ঐতিহাসিক স্থান সমূহ পৰিদৰ্শন কৰিবলৈ আৰম্ভ কৰা যাত্ৰাত শিক্ষাৰ্থীসকলৰ সতে দুগৰাকী শিক্ষক আৰু সেনাৰ এটা দলো ৰাওনা হৈছে।

মুম্বাই, পুনে আৰু গোৱাৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি শিক্ষাৰ্থীৰ দলটো অহা ৪ ডিচেম্বৰত পুণৰাই কোকৰাঝাৰত উপস্থিত হ’ব বুলি সেনাই সদৰি কৰে। বিটিএডিৰ আইজিপি অনুৰাগ আগৰৱালাই আনুষ্ঠানিকভাৱে পতাকা জোকাৰি শুভাৰাম্ভ কৰা অনুষ্ঠানত সেনাৰ ব্ৰিগিডিয়াৰ গগন দ্বীপ, কমাণ্ডিং অফিচাৰ জয়ভিৰ সিঙকে ধৰি সেনাৰ উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকি ছাত্ৰৰ দলটোক শুভেচ্ছা জ্ঞাপন কৰে।