তামুলপুৰঃ কলিতা জনগোষ্ঠীক জনজাতিকৰণ আৰু কলিতা উন্নয়ন পৰিষদ গঠনৰ দাবীত আজি কলিতা ছাত্ৰ সন্থাই এক ঘন্টীয়া ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে। 

তামুলপুৰৰ দ্বাৰাকুচিত ৰূপায়ন কৰা এই পথ অৱৰোধ কাৰ্যসূচীত সদৌ অসম কলিতা জনগোষ্ঠী ছাত্র সন্থাৰ উপ-সভাপতি সমৰজ্যোতি কলিতা, সাধাৰণ সম্পাদক ভাস্কৰ কলিতা, সহকাৰী সাধাৰণ সম্পাদক অভিষেক ৰাজ কলিতা, সাংগঠনিক সম্পাদক পার্থ প্ৰতিম বৰুৱা, বাগচা জিলা কলিতা জনগোষ্ঠী ছাত্র সন্থাৰ সভাপতি প্ৰাণজিৎ কলিতা, সাধাৰণ সম্পাদক ৰত্নেশ্বৰ কলিতা আদিকে ধৰি কেইবা শতাধিক পুৰুষ মহিলা উপস্থিত থাকে। 

অংশগ্ৰহণকাৰী সকলে অসম চৰকাৰ গো বেঁক, আমাৰ দাবী ন্যায্য দাবী, আমাক এছ টি লাগিবই আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।