
জাজৰিঃ সদ্যঘোষিত অসম লোকসেৱা অায়োগৰ ২০১৬ বৰ্ষৰ সংযুক্ত প্ৰতিযোগীতামূলক পৰীক্ষাৰ ফলাফলত ভূমি অাৰু ৰাজহ সেৱাত ৪৩ তম স্থান লাভ কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ জাজৰিৰ হিমাদ্ৰী বৰাই। নগাঁৱৰ জাজৰি ঢলপুৰীয়া নিবাসী প্ৰদীপ বৰা আৰু অমি বৰাৰ জীয়ৰী তথা নগাঁৱৰ ব্ৰাহ্মণগাঁৱৰ চন্দ্ৰকান্ত বৰা আৰু ভদ্ৰাৱতী বৰাৰ ৱোৱাৰী হিমাদ্ৰী বৰাই জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষকৰূপে কৰ্ম সম্পাদন কৰি আহিছে।
ব্ৰাক্ষণগাঁৱৰ সৰবৰহী ব্যক্তি তথা শিক্ষক উত্তম কুমাৰ বৰাৰ পত্নী হিমাদ্ৰী বৰাই শিক্ষকতাৰ সমান্তৰালভাৱে ঘৰুৱা সকলোধৰণৰ কাম-কাজ সুকলমে সম্পাদন কৰি APSC ৰ দৰে এক কঠিন পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হোৱাত জাজৰি অঞ্চলৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে।
উল্লেখ্য যে, হিমাদ্ৰীৰ পিতৃ প্ৰদীপ বৰাই এখন অপ্ৰাদেশীকৃত বিদ্যালয়ত বিনা বেতনেৰে দীৰ্ঘদিনৰ ধৰি শিক্ষকতা কৰি তেখেতৰ পৰিয়ালটি পোহপাল দি আছে। সৰুৰেপৰা এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন মনত বান্ধি অশেষ প্ৰতিবন্ধকতাকো নেওচি অধ্যয়ন কাৰ্য চলাই যোৱা হিমাদ্ৰীৰ সাফল্যৰ খবৰে পৰিয়ালবৰ্গক অানন্দিত কৰি তুলাৰ লগতে সমগ্ৰ জাজৰিবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় এইগৰাকী মহিলাই৷