ডিজিটেল ৰিপ'ৰ্টঃ লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ বৃহত্তৰ জালভাৰী অঞ্চলৰ অগ্ৰণী সামাজিক-শৈক্ষিক অনুষ্ঠান "প্ৰতিভা সন্ধানী আৰু শৈক্ষিক বিকাশ মঞ্চ"ৰ বাৰ্ষিক আঁচনিৰ অন্তৰ্গত এমাহজোৰা গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰ সফল সামৰণিৰ অন্তত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় বাৰ্ষিক অধিৱেশন আৰু সম্বৰ্ধনা সভা।

প্ৰতিভা সন্ধানী আৰু শৈক্ষিক বিকাশ মঞ্চৰ উদ্যোগত আৰু ক‌লাকটা গাঁৱৰ ৰাইজৰ সহযোগত নামঘৰ প্ৰাংগণৰ কৃষ্টি বিকাশ কেন্দ্ৰত পুৱাৰে পৰা আৰম্ভ হোৱা কাৰ্যসূচীত সামূহিক চাফাইৰ পিছতেই গছপুলি ৰোপণ কৰি ঢকুৱাখনা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ নৰেন্দ্ৰ নাথ দত্তই পৰিবেশ সম্পৰ্কীয় ভাষণ প্ৰদান কৰে।

ইয়াৰ পাছতে ক্ৰমে পতাকা উত্তোলন কৰে মঞ্চৰ উপসভাপতি প্ৰেম প্ৰসাদ দত্তই, একেদৰে কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা সুকুমাৰ কলা প্ৰতিযোগিতাসমূহ পৰিচালনা কৰে প্ৰাক্তন প্ৰধান শিক্ষক লিখন দত্ত আৰু শিক্ষক হিৰণ্য বৰফুকনে। অানহাতে মঞ্চৰ সভাপতি তুলধৰ শৰ্মাৰ পৌৰহিত্যত্বত দুপৰীয়া ১২ বজাৰ আৰম্ভ হোৱা সম্বৰ্ধনা সভাৰ উদ্বোধন কৰে মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰমোদ দত্তই।

কাৰ্যসূচী অনুসৰি সম্পাদক দুলাল দত্তই উদ্দেশ্য ব্যাখ‌্যা আৰু প্ৰতিবেদন পাঠৰ পিছতে বিশিষ্ট অতিথি হিচাপে শিক্ষাবিদ চেনিৰাম বৰুৱা আৰু বিষয় শিক্ষক ডঃ কেশৱ হাজৰিকাৰ লগতে নিদিৰ্ষ্ট বক্তা ৰূপে ঢকুৱাখনা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক সেৱক চন্দ্ৰ চুতীয়া আৰু জোনাকী ছমহীয়াটি উ:মা:বি:ৰ উপাধ্যক্ষ ভদ্ৰ গগৈয়ে ভাষণ আগবঢ়ায়।

অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত,স্নাতক-স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষা বিশেষ কৃতিত্বৰে উৰ্ত্তীণ মেধাৱী ছাত্ৰ-ছাত্ৰীক উষ্ম সম্বৰ্ধনা জনোৱাৰ লগতে অঞ্চলটোৰ বিশিষ্ট নাগৰিককো সম্বৰ্ধনা জনোৱা হয়।

একেটা অনুষ্ঠানতে বিগত বৰ্ষৰ দৰেই এইবাৰো প্ৰয়াত প্ৰভাত চন্দ্ৰ দত্ত, কৌশল্যা দত্ত, মুক্তানাথ ভৰালী আৰু ৰেণু ভৰালী সোঁৱৰণী ন্যাসৰ বিভিন্ন শিতানৰ বঁটা সমূহো প্ৰদান কৰা হয়। মূল কাৰ্যসূচীৰ আৰম্ভণিতে ক‌লাকটা গাঁৱৰ যুৱক-যুৱতীসকলৰ দ্বাৰা সমবেত সংগীত, শিল্পী অজয় পেগুৰ আধুনিক গীত, সুস্মিতা কোঁৱৰৰ নৃত্য পৰিৱেশনৰ উপৰিও শিশু শিল্পী বিষ্ণুজ্যোতি ভৰালীৰ বৰগীত আৰু স্থানীয় শিল্পী জিতেন দত্তই বিহুগীত পৰিৱেশন কৰে।