
নগাঁওঃ নগাঁৱৰ বৃহত্তৰ জামুগুৰি অঞ্চলৰ দেশপ্ৰেমী সাহসী যুৱক তথা সদৌ অসম ছাত্ৰ সন্থাৰ নেৰ্তৃত্বত হোৱা তিৰাশীৰ অসমৰ জাতীয় অস্তিত্ব ৰক্ষা আন্দোলনৰ ছহিদ হেমকান্ত নাথৰ পুনৰ নিৰ্মিত ছহিদ বেদীটি শনিবাৰে অনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়৷
হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত আৰু স্থানীয় যুৱকসকলৰ সহযোগত এই মৰ্মে জামুগুৰি সমূহীয়া ভৱনত দিনযোৰাকৈ উদ্বোধনী অনুষ্ঠানটি অনুষ্ঠিত কৰি ছহীদগৰাকীক গভীৰভাৱে স্মৰণ কৰা হয় ৷সেই অনুসৰি পুৱা ১১ বজাত হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি নিপন জ্যোতি শৰ্মাই সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে।
ইয়াৰ পিছতে ছহিদ হেমকান্ত নাথৰ স্মৃতি বিজড়িত নৱ নিৰ্মিত ছহিদ বেদীটি শুভ উদ্বোধন কৰে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ দাসে আৰু ছহিদ তৰ্পণ কৰে ছহিদগৰাকীৰ জ্যেষ্ঠ ভাতৃ তনুৰাম নাথে ৷ জামুগুৰি বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাসেশ্বৰ নাথৰ পৌৰহ্যিতত স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয় ৷
হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিষ্ণুজ্যোতি নাথে সূত্ৰ ধৰা সভাত আমন্ত্ৰিত অতিথি ৰূপে প্ৰাক্তন আছু নেতা পংকজ ডেকা,শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য,প্ৰবীন শিল্পী গম্ভীৰ নাথ,জাতীয় ছহিদ সমন্বয়ৰক্ষী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মানিক চন্দ্ৰ নাথ,নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক দেৱ কুমাৰ নাথ,সমাজকৰ্মী কমল নাথ,সদৌ নগাঁও জিলা ছাত্ৰ সন্থাক সভাপতি অভিজিৎ দাসকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি ছহিদগৰাকীৰ কৰ্মৰাজী আৰু জীৱনাদৰ্শৰ ওপৰত আলোকপাত কৰে ৷ সন্ধ্যা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ সামৰণি পেলোৱা হয় ৷