08
Sep
2017

লাহোৱালঃ মদাৰখাত এচ আৰ চি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংগীতসূৰ্য সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ জন্মদিন পালন কৰা হয়।
সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰে বিদ্যালয়ৰ অধ্যক্ষা মৰ্জিনা গগৈয়ে। ভূপেন হাজৰিকাৰ গীত-মাত কবিতাৰে শিল্পীগৰাকীক স্মৰণ কৰে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে৷
তদুপৰি লাহোৱালৰ বিভিন্ন শিক্ষানুষ্ঠান আৰু অনুষ্ঠানত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মদিনটো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা পৰিলক্ষিত হয়৷