13
Sep
2017

নলবাৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি নলবাৰী চহৰৰ হৰি মন্দিৰতো বৰ্ণাঢ্য কাৰ্যসুচীৰে শ্ৰী কৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয়৷
জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে বিভিন্ন ভক্তৰ সমাৱেশেৰে বিগত বৰ্ষৰ দৰে এইবছৰো মহাপ্ৰভু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয় হৰি মন্দিৰত।
ভক্ত সকলে হৰিমন্দিৰত ধূপ চাকি জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়৷ ভাগৱত পাঠ কৰাৰ লগতে ভক্ত সকলৰ মাজত প্ৰসাদ বিতৰণ আৰু ভোগ বিতৰণ কৰা হয়। দিহা নাম, শিশু কৃষ্ণ প্ৰতিযোগিতাৰ লগতে শোভাযাত্ৰাও উলিওৱা হয়৷