ধ্রুৱজ্যোতি বড়াঃ অসমীয়া জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত নতুন দিল্লীৰ যন্তৰ-মন্তৰত ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ অবিৰত অনশন কাৰ্যসূচীত দ্বিতীয় দিনাও অব্যাহত থাকে।

সোমবাৰৰ দিনটোত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণো প্ৰতিবাদকাৰীসকলৰ সৈতে চামিল হয়।  ৭০ টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ লগতে টাইপা, অ জা যু ছা প, নাৰী মুক্তি সংগ্ৰাম সমিতিকে প্ৰমূখ্য কৰি ৭০ টা সংগঠনে বিলখনৰ বিৰোধিতাৰে সংগ্ৰাম চলাই যোৱাৰ পণ লয়।