খেৰণিঃ কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰা, লোক কৃষ্টি, সংস্কৃতি, গীত-বাদ্যযন্ত্ৰৰ স্ৰষ্টা তথা গুৰু ৰাংচিনা ছাৰপ’ক সোমবাৰে কাৰ্বি ৰাইজে স্মৰণ কৰে৷ কাৰ্বি আংলঙৰ জেৰিকীন্দেঙত অনুষ্ঠিত অনুষ্ঠানৰ জৰিয়তে কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰা, লোক কৃষ্টি, সংস্কৃতি, গীত-বাদ্যযন্ত্ৰৰ স্ৰষ্টা বুলি জনাজাত ৰাংচিনা ছাৰপ’ক শ্ৰদ্ধাঞ্জলি যাচে ৰাইজে৷ কাৰ্বি সংহাৰী ধৰম আমেই, জেৰিকীনন্দেং লংৰী সমিতিৰ উদ্যোগত জেৰিকীনন্দেং খেল পথাৰত স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়৷ 

দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ল ৰাংচিনা ছাৰপৰ স্মৃতিচাৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী ৰূপছিং টেৰণ, কাৰ্বি সংহাৰী ধৰম আমেই, জেৰিকীনন্দেং লংৰী সমিতিৰ বিষয়-ববীয়া আৰু কেইবাশতাধিক স্থানীয় লোক উপস্থিত থাকে।

অনুষ্ঠানত মুখ্য অতিথি ৰূপছিং টেৰণে উপস্থিত থাকি আমাৰ কাৰ্বি কৃষ্টি, সংস্কৃতি, ভাষা, লোকাচাৰ আৰু পৰম্পৰাই হৈছে কাৰ্বি জাতিৰ পৰিচয় বুলি কৈ আমাৰ জাতিটোক জীয়াই ৰাখিবলৈ হলে এই সম্পদসমুহ সংৰক্ষণ কৰি ৰাখিব লাগিব বুলি কয়। আমি আমাৰ সংৰক্ষিত সম্পদ সমূহেৰে বিশ্বৰ দৰবাৰত জাতিটোক প্রতিষ্ঠিত কৰিব লাগিব৷ জাতিটোৰ কৃষ্টি, সংস্কৃতি, ভাষা, লোকাচাৰ আৰু পৰম্পৰাৰ বাবে মননশীল চিন্তা চৰ্চা কৰিবলৈ ৰাইজক আহ্বান জনায় ৰূপছিং টেৰণে।

কাৰ্বি জনগোষ্ঠীৰ লোকবিশ্বাস অনুসৰি কাৰ্বিসকলৰ ঈশ্বৰ জ্ঞান কৰা তথা কাৰ্বি সাংস্কৃতিক গীত-বাদ্যযন্ত্ৰৰ স্ৰষ্টা গুৰু ৰাংচিনা ছাৰপ’ক ২৫ ডিচেম্বৰত কাৰ্বি ৰাইজে স্মৰণ কৰে৷ অলৌকিকভাৱে ঈশ্বৰৰ এক অৱতাৰ হিচাপে স্বৰ্গৰ পৰা পৃথিৱীলৈ স্বৰ্গ দেৱতা হিচাপে প্ৰেৰণ কৰা ৰাংচিনা ছাৰপ'ৰ দুই পুত্ৰ চেং-মিৰজেং আৰু লং-মিৰজেঙৰ আগমন ঘটিছিল বুলি বিশ্বাস কৰে কাৰ্বি জনগোষ্ঠীৰ লোকসকলে।

লোকবিশ্বাস মতে কাৰ্বি গীত-বাদ্যযন্ত্ৰৰ স্ৰষ্টা তথা কিংবদন্তী ৰাংচিনা ছাৰপ'ই তেওঁৰ এই দুই পুত্ৰক সমস্ত কাৰ্বি সাংস্কৃতিক গীত-বাদ্যযন্ত্ৰৰ জ্ঞান বিলাবলৈ দুয়োকে গুৰু হিচাপে পৃথিৱীলৈ পঠিয়াইছিল। দুয়ো পৃথিৱীত আহিয়ে কাৰ্বি গীত-বাদ্যযন্ত্ৰৰ জ্ঞান প্রদান কৰাৰ বাবে সৰ্বপ্ৰথমে শিষ্য হিচাপে বাছি লৈছিল লং বি আৰু চ্চেডু নামৰ দুগৰাকী লোকক৷ দুই শিষ্যক কাৰ্বি সাংস্কৃতিক গীত-বাদ্যযন্ত্ৰৰ শিক্ষা দি চেং-মিৰজেং আৰু লং-মিৰজেঙে। তাৰ পাছৰে পৰা কাৰ্বি জনগোষ্ঠী বা সমাজখনৰ মাজত ক্ৰমান্বয়ে কাৰ্বি গীত-বাদ্যযন্ত্ৰৰ ব্যৱহাৰ হ’বলৈ ধৰে বুলি আজিও বিশ্বাস কৰে কাৰ্বি লোকসকলে।