ডিজিটেল ৰিপ'ৰ্টঃ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত কামৰূপ জিলাত সংঘটিত জিৰাট কেলেংকাৰীৰ তথ্য newsnextone.com-এ ফাদিল কৰাৰ পিছত জিলাখনৰ সৰ্বত্ৰে এতিয়া বিষয়টোক লৈ ব্যাপক হাৰত চৰ্চা চলা পৰিলক্ষিত হৈছে। 

শিৱসাগৰ জিলাত সংঘটিত জিৰাট কেলেংকাৰীৰ ঘটনাই ৰাজ্য কঁপাই যোৱাৰ পিছত কামৰূপ জিলাতো শেহতীয়াভাৱে উদ্ঘাটন হোৱা তদ্ৰুপ এই জিৰাট কেলেংকাৰীয়ে ৰাইজক হতবাক কৰি তোলাৰ লগতে সমগ্ৰ ৰাজ্যখনতে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত কেবাহেজাৰ কোটিটকীয়া এক বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাতো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। 

CLICK ►ফ'ৰলেন আশ্চৰ্য, মাত্ৰ ২হাত মাটিত ২০০ জোপা কলগছ

কামৰূপ জিলাৰ অধীনস্থ কমলপুৰ ৰাজহ চক্ৰ, আমিনগাঁও আদি অঞ্চলতো জিৰাটৰ নামত সংঘটিত নানা অনিয়মৰ তথ্য লৈ আমাৰ ওচৰ চাপিছে বহুজনে। আমাৰ বাতৰিৰ আঁত ধৰি শিৱসাগৰৰ দৰেকৈ একাংশ জাতীয় সংগঠনে বিষয়টোক লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে অতি শীঘ্ৰে চৰকাৰ-প্ৰশাসনৰ ওচৰ চাপিব বুলি আমাক জানিবলৈ দিছে। 

ইফালে, কামৰূপ জিলাৰ ৰঙিয়া ৰাজহ চক্ৰত সাউদ-লহকৰ যুটিয়ে একত্ৰিত হৈ লুণ্ঠন চলোৱাৰ কেইবাটাও কাহিনী চৰকাৰী নথিৰ জৰিয়তে পোহৰলৈ অহাৰ পিছতে শেহতীয়াভাৱে আমাৰ হাতত আহি পৰিছে আন কেতবোৰ অতি চাঞ্চল্যকৰ লুণ্ঠনৰ চৰকাৰী তথ্য। যিবোৰৰ পাতে পাতে সন্নিবিষ্ট হৈ আছে চৰকাৰী ধন লুণ্ঠনৰ নতুন নতুন দস্তাবেজ। চৰকাৰী দায়িত্বপ্ৰাপ্ত মৌজাদাৰৰ পৰা ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সেই সময়ত কৰ্মৰত লহকৰ, বসুমতাৰী, দাস উপাধিৰ মণ্ডললৈকে সকলোৱে যেন হাত উজান দিছে এই মহা লুণ্ঠনত। 

তথ্য মতে, ৰঙিয়া ৰাজহ চক্ৰৰ পূৱ বড়িগোগ মৌজাৰ নকুল গাঁৱৰ পট্টা নিঃ খেৰাজ ৪৭ আৰু দাগ ১৬৫ অংশৰ ৫৭৬ বৰ্গফুট ভূমিত থকা দেখুৱাইছে প্ৰায় ৬৭৮ বৰ্গফুটৰ ঘৰ, শৌচাগাৰ। ইয়াৰ বাহিৰেও এটা গুমটি ঘৰো উক্ত ভূমি ডৰাত থকা দেখুৱাইছে যদিও তাৰ কোনো বৰ্গফুটৰ হিচাপ দিয়া হোৱা নাই। মুঠতে এইদৰেই ভূপেন মণ্ডল আৰু সাউদ বাহিনীৰ মন-মগজুত অহা যিকোনো অস্থাৱৰ সম্পত্তিৰ প্ৰসংগই এফালৰ পৰা লিখি পৃষ্ঠা ভৰাই ভৰাই চৰকাৰৰ পৰা ধন সৰকোৱাৰ পথ প্ৰশস্ত কৰি গৈছে।

CLICK ►জিৰাটৰ নামত ৰঙিয়াত সাউদ-ভূপেনে লুটিলে কেবা কোটি

আনহাতে ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ৰঙিয়া চহৰৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ নিৰ্মাণৰ বাবে আদায় দিয়া জিৰাটৰ নামতো সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। য’ত এজন চৰকাৰী মৌজাদাৰ আৰু বসুমতাৰী উপাধিৰ মহাপ্ৰতাপী মণ্ডল এজনে এই সমস্ত কাণ্ড সংঘটিত কৰা বুলি জানিব পৰা গৈছে।

একেদৰে, পাণ্ডুৰী মৌজাৰ উদীয়ানা গাঁৱৰ ৫৯৬/১৫৫ নম্বৰ দাগৰ আলী উপাধিৰ এজন লোকৰ মাটিৰ পৰিমাণ দেখুৱাইছে ১৪৪০ বৰ্গফুট। কিন্তু উক্ত মাটি ডৰাত ঘৰ দেখুৱাইছে সৰ্বমুঠ ১৫৩৭ বৰ্গফুটৰ, উক্ত ভূমি ডৰাত থকা শতাধিক গছ-গছনিৰ কথা নকলোৱেইবা। এই কাৰ্য সম্পাদন কৰিছে ভৱেশ দাস নামৰ এজন মণ্ডলে। 

মণ্ডল ভূপেন লহকৰে দায়িত্বপ্ৰাপ্ত এলেকাৰ অনুৰূপ ধৰণে ভৱেশ দাস নামৰ মণ্ডলজনৰ লুণ্ঠনৰ এই কাণ্ডটো সহযোগিতাৰ হাত আগবঢ়াই গৈছে সেই সময়ৰ ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ধীৰাজ সাউদে। নামে-বেনাম অজস্ৰ সম্পত্তি আহৰণ কৰা সাউদ বৰ্তমান দিছপুৰ সচিবালয়ৰ ৰাজহ বিভাগৰ যুটীয়া সচিবৰ দৰে গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰি আছে বুলি জানিব পৰা গৈছে।

CLICK ►জিৰাটৰ নামত ৰঙিয়াত সাউদ-ভূপেনে লুটিলে কেবা কোটি

স্বচ্ছ আৰু নিকা প্ৰশাসনৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা চৰকাৰখনে এইসকল দুৰ্নীতিত অভিযুক্ত বিষয়াক ৰাজ্য শাসনৰ বৰঘৰত বহুৱাই কিদৰে শাসন চলাব সেয়া জনসাধাৰণৰ বাবে মাথো এক নুবুজা সাঁথৰহে।