
গুৱাহাটীঃ শনিবাৰে চাৰি বজাত মৰাণ আৰক্ষী থানাত উপস্থিত হ’ব আলফা নেতা জীতেন দত্ত৷ জীতেন দত্তই খোদ নিজৰ ফেচবুক একাউন্টত এটি আপডেট দি এই কথা ব্যক্ত কৰে৷ জীতেন দত্তই ফেচবুক একাউন্ট যোগে আজি চাৰি বজাত মৰাণ থানাত উপস্থিত হ’ম বুলি উল্লেখ কৰি মোক গ্ৰেপ্তাৰ কৰিলেও বিদেশীৰ বিৰুদ্ধে যুদ্ধ অব্যাহত থাকিব, জনগনক কথা দিলো বুলি মন্তব্য আগবঢ়ায়৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ সৈতে একেখন সভাত উপস্থিত থাকি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত নাম সাঙোৰ খাই পৰিছিল আলফা নেতা জীতেন দত্ত৷
আলফা নেতা জীতেন দত্তক গ্ৰেপ্তাৰৰ বাবে অসম আৰক্ষী সাজু হোৱা বুলি প্ৰচাৰ হৈ থকাত প্ৰতিক্ৰিয়া সৃষ্টি হৈ থকাৰ সময়তে দত্তই ফেচবুকত এনেদৰে আপডেট দিয়ে। ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত কৃষক নেতা অখিল গগৈক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰাৰ পাছৰে পৰা ৰাজ্য উত্তাল হৈ থকাৰ সময়তে প্ৰাক্তন আলফা নেতা জীতেন দত্তক ডিব্ৰুগড় আৰক্ষীয়ে আৰক্ষীৰ ওচৰত হাজিৰ হোৱাৰ জাননী জাৰি কৰে যোৱা ১৪ চেপ্তেম্বৰত৷
ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত বামুনবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই জাননী জাৰি কৰে প্ৰাক্তন আলফাগৰাকীক৷ মৰাণৰ বামুণবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অনুষ্ঠিত সমাৱেশত অখিলৰ সৈতে উপস্থিত আছিল আলফানেতাগৰাকী৷ সমাৱেশত অখিলে অংশগ্ৰহণ কৰি অসমীয়া জাতিৰ ৰক্ষাৰ স্বাৰ্থত প্ৰয়োজন হ’লে হাতত হেংদাং আৰু মাৰণাস্ত্ৰ তুলি ল’বলৈ সকলোকে সাজু থাকিবলৈ আহ্বান জনাইছিল।
এই মন্তব্যৰ পিছতে মৰাণ আৰক্ষীয়ে নিজাববীয়াকৈ এটি গোচৰ ৰুজু কৰি কৃষক নেতাগৰাকীক গোলাঘাটৰ চানমাৰিৰ নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা ৰাজ্য জুৰি দল-সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ তাৰ মাজতে জীতেন দত্তক ১৭ চেপ্তেম্বৰৰ ভিতৰত মৰাণৰ বামুণবাৰী আৰক্ষী থানাত হাজিৰ হোৱাৰ জাননী জাৰি কৰাৰ পাছৰে পৰা ৰাজ্যজুৰি চাঞ্চল্য অব্যাহত আছে৷
ডিব্ৰুগড় আৰক্ষীয়ে অখিলৰ সৈতে একেখন সভাত উপস্থিত থকা জীতেন দত্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ১২০(বি)/১২১(এ)/১২৪(এ)/১০৯/১৫৩/১৫৩(এ) ধাৰাত ১৮০/১৭ নম্বৰত গোচৰ ৰুজু কৰি জাননী জাৰি কৰে৷ তাৰ মাজতে আজি জীতেন দত্তই ফেচবুক যোগে আজি আৰক্ষী থানাত উপস্থিত হোৱাৰ কথা প্ৰকাশ কৰাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ একাংশ প্ৰাক্তন আলফাই জীতেন দত্তক গ্ৰেপ্তাৰ কৰিলে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি ৰাজ্য চৰকাৰক সকীয়াই দিয়ে৷ জানিব পৰা মতে, বিশাল গাড়ীৰ কনভয়ৰে মৰাণত উপস্থিত হ’ব আলফানেতাগৰাকী৷