মুম্বাইঃ মুক্তিৰ প্ৰথম দিনাই ১৩.২০ কোটি টকা উপাৰ্জন কৰা জলি এলএলবি-২ ছবিখনে কাষ চাপিছে এশ কোটিৰ ক্লাবৰ। মুক্তিৰ দহ দিনতেই ৯৫.৪৪ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ছবিখনে। 

এই ছবিখনত অক্ষয় কুমাৰে জগদীশ মিশ্ৰা নামৰ এজন অধিবক্তাৰ চৰিত্ৰত অভিনয় কৰিছে। ২০১৩ চনত মুক্তি লাভ কৰা এই ছবিখনৰ ছিকুৱেল হিচাপে মুক্তি লাভ কৰা এই ছবিখনৰ পৰিচালক হৈছে সুভাষ কাপুৰ। ছবিখনত অক্ষয় কুমাৰৰ লগত অভিনয় কৰিছে অনু কাপুৰ¸ হামা কুৰেশ্বি আৰু সৌৰভ শুক্লাই।