20
Sep
2017

প্ৰতিকী ফটো
মৰিয়নীঃ সাতটাকৈ জাতীয় সংগঠনে ঘোষণা কৰা যোৰহাট বন্ধৰ প্ৰভাৱ আজি সৰ্বত্ৰে ব্যপক ভাৱে পৰা পৰিলক্ষিত হয়৷ যোৰহাটবাসীয়ে দুৰ্নীতিৰ নায়ক আখ্যা দিয়া বিশাল বসন্ত সোলাংকীক গ্ৰেপ্তাৰ দাবীত ২০ ছেপ্টেম্বৰৰ দিনটোত ১২ ঘন্টা যোৰহাট বন্ধ ঘোষণা কৰিছিল৷
তাৰ ফলশ্ৰুতিতে আজি যোৰহাট জিলাত সৰ্বাত্মক ভাৱে বন্ধৰ প্ৰভাৱ পৰে৷ দুই এখন ব্যক্তিগত বাহন চলাচলৰ বাহিৰে আজি যোৰাহাটৰ ৰাজপথত প্ৰায় শূণ্যতাই বিৰাজ কৰে৷ আনহাতে আজিৰ বন্ধৰ দিনটোত জিলাখনৰ চৰকাৰী-বেচৰকাৰী সকলো অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ থাকে৷