প্ৰতিকী ফটো,উৎস ইন্টাৰনেট, Time and Date
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট, Time and Date

ডিব্ৰুগড়ঃ সাংবাদিকৰ নিৰাপত্তা দিয়াৰ দাবী উত্থাপন কৰি অহাৰ মাজতে শনিবাৰে নিশা খোদ মহানগৰীৰ মাজমজিয়াৰ ধীৰেনপাৰাত এগৰাকী সাংবাদিকক আক্ৰমণ কৰাত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ সাংবাদিক সকল৷ গনতন্ত্রৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলে নিৰাপওাৰ অভাৱত পৰিছে ৰাজ্যত৷

কিছুদিন পুৰ্বে দৰং জিলাৰ মঙলদৈত চহৰত দিন দুপৰতে একাংশ লোকে সাংবাদিকক আক্ৰমণ কৰে৷ তাৰ পাছতে শনিবাৰে নিশা মহানগৰীত সাংবাদিকক আক্ৰমণ কৰা ঘটনাই প্ৰমাণ কৰে প্ৰকৃততে সাংবাদিকসকলে নিৰাপওাৰ অভাৱত পৰিছে৷ সাংবাদিক সুৰক্ষা মঞ্চ অাৰু চাবুৱাৰ মিডিয়া ফ'ৰামে সাংবাদিকক আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে৷

এক প্ৰেছ বিবৃতি যোগেদি সাংবাদিক সুৰক্ষা মঞ্চ, অসম অাৰু চাবুৱা মিডিয়া ফ'ৰামে শনিবাৰে নিশা নিউজ লাইভৰ সাংবাদিক বিমান কলিতাক দুৰ্বৃওই ছুৰিকাঘাট কৰি হত্যাৰ চেষ্টা চলোৱা ঘটনাক তীব্ৰ গৰিহণা দিয়া লগতে এনে ঘটনাক কাপুৰুষালি অাখ্যা দিয়ে সাংবাদিক সংগঠন দুটাই৷

নিৰপেক্ষ ভাৱে সংবাদ সেৱা কৰি থকা সাংবাদিকসকলৰ ক্ষেত্রত এনে ঘটনাৰ সন্মুখীন হোৱাটো স্বাভাৱিক যদিও পদে পদে সংঘটিত হোৱা এনে আক্ৰমণৰ বিৰুদ্ধে সাংবাদিক সংগঠন দুটাই কেতিয়াও সহ্য কৰা নহব বুলি সকীয়াই দিয়ে৷ সাংবাদিকসকলৰ সুৰক্ষা অাৰু নিৰাপওাৰ স্বাৰ্থত চৰকাৰে সুকীয়া অাইন প্ৰৱৰ্তন কৰি নিৰাপওাৰ ক্ষেত্রত কঠোৰ নোহোৱাৰ পৰিপেক্ষিতত প্ৰতি দিনে সাংবাদিকসকলৰ ক্ষেত্রত এনে ঘটনা সংঘটিত হোৱাৰ কথা উল্লেখ কৰে৷

অানহাতে সাংবাদিক বিমান কলিতাক আত্রুমণকাৰীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনায় সাংবাদিক সুৰক্ষা মঞ্চ'অসমৰ ভাৰপ্ৰাপ্ত সভাপতি ছিৰাজুৰ ইছলাম, সম্পাদক জোতিষ কুমাৰ পাতিৰ অাৰু চাবুৱাৰ মিডিয়া ফ'ৰামৰ সভাপতি প্ৰফুল্ল শৰ্মা, সম্পাদক দিব্যজ্যোতি লাহনে৷ অানফালে 'প্ৰাগ নিউজ' চেনেলৰ সাংবাদিক ৰীমা শৰ্মাৰ মৃত্যুত শোক প্ৰকাশ কৰে সাংবাদিক সংগঠন দুটাই৷ সাংবাদিকগাৰকীৰ মৃত্যুৱে কেৱল প্ৰাগ নিউজ পৰিয়ালৰ নহয় সমগ্ৰ সংবাদ মাধ্যমৰ বাবেই অপুৰণীয় ক্ষতি বুলি উল্লেখ কৰিছে৷