ডিফুঃ যোৱা ৭ দিন ধৰি ডিফু নগৰৰ চাফাই কৰ্মীসকলে ধৰ্মঘট কৰি থকাত জাঁৱৰৰ দ'মত পৰিণত হৈছে ডিফু চহৰত৷ তাৰ পিছতে হাতে হাতে ঝাড়ু লৈ ওলাই আহিল কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱৰ সদস্যসকল৷

সোমবাৰৰ পুৱাৰে পৰা জিলা প্ৰেছ ক্লাৱৰ সভাপতি সম্পাদক কিৰি ৰংহাঙ আৰু ডেনিয়েলচন বে'ৰ নেতৃত্বত চাফাই অভিযানত নামিল কেএছৱাইচি, কেএছৱাইএ, কেৱাইঅ', ইউএলডিচি, এলৱাইডিচি, কেএডব্লিউজেএফ, কেএছএ (ইংলংফ'), গ্ৰেটাৰ ডিফু বজাৰ সমিতি আৰু চেম্বাৰ অফ কমাৰ্চে৷

সোমবাৰে পুৱা ৬ বজাৰ পৰা জিলা প্ৰেছ ক্লাৱৰ সদস্যৰ লগতে সংগঠন, স্বেচ্ছাসেৱী সদস্যসকলে হাতে হাতে ঝাড়ু, টুকুৰী, বেলচা আদি লৈ চহৰ খনৰ পদ পথৰ দুয়োকাষ পৰিস্কাৰ জাঁৱৰৰ দ'ম পৰিষ্কাৰ কৰি চহৰবাসীক সকাহ দিয়ে৷

জাঁৱৰৰ দম চহৰখনত এক সমস্যাৰ সৃষ্টি কৰে৷ আনহাতে চেম্বাৰ অফ কমাৰ্চেও চাফাই অভিযানত জেচিবি আদিৰে সহায় কৰে৷ জিলা প্ৰেছ ক্লাবে এক অস্বাস্থ্যকৰ পৰিৱেশত চহৰবাসীয়ে সমস্যাত পৰাৰ সময়তে কেএছৱাইচি, কেএছৱাইএ, কেৱাইঅ', ইউএলডিচি, এলৱাইডিচি, কেএডব্লিউজেএফ, কেএছএ  গ্ৰহণ কৰা পদক্ষেপক সকলোৱে শলাগ লয়৷