
চাবুৱাঃ ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ বিদ্যালয়ৰ প্ৰতিচ্ছবি খনৰ নতুন কৈ কোৱাৰ প্ৰয়োজন নাই৷ এটুপি বিশুদ্ধ খোৱাপানী, প্ৰস্ৰাৱগাৰৰ অভাৱত হাহাকাৰ কৰিব লগা হয়৷ শ্ৰেণী কোঠাৰ অভাৱত ৰাজ্যৰ শ শ ছাত্ৰ-ছাত্ৰীয়ে বহু কষ্টৰে পাঠদান কৰিব লগা হয়৷
তাৰ মাজতে পোহৰলৈ আহিছে শিক্ষকক অভিযন্তাই ধন দাবী কৰাৰ ঘটনা৷ অভিযন্তা গৰাকীক উৎকোচ নিদিয়াৰ বাবে বিদ্যালয়খনৰ শ্ৰেণী কোঠা নিৰ্মণ আধৰুৱা হৈ থাকে৷ ডিব্ৰুগড় জিলাৰ চাবুৱাত সংঘটিত হৈছে এই ঘটনা৷ ডিব্ৰুগড় জিলাৰ পানীতোলা উন্নয়ণ খণ্ডৰ নাদুৱা হাতীগাধৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী বাঢ়ি অহাত অতিৰিক্ত শ্ৰেণীকোঠাৰ প্ৰয়োজন হয়৷
ডিব্ৰুগড় জিলা উপায়ুক্তৰ জৰিয়তে অইল ইণ্ডিয়া লিমিটেডক আহ্বান জনোৱাত ২০১৫-১৬ বৰ্ষত অইল ইণ্ডিয়া লিমিটেডে অতিৰুক্ত কোঠা নিৰ্মাণৰ বাবে ৬ লাখ টকা প্ৰদান কৰে বিদ্যালয় খনক৷ স্থানীয় ৰাজহ চক্ৰ বিষয়াক অধ্যক্ষ হিচাপে লৈ খণ্ড উন্নয়ণ বিষয়াক সহ এটি নিৰ্মাণ সমিতি গঠন কৰা হয়৷
সমিতিয়ে ৰাইজৰ পৰামৰ্শ অনুসৰি শ্ৰেণীকোঠা দুটা নিৰ্মাণ কৰি আছিল যদিও যোৱা এবছৰে পানীতোলা উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা গকুল কোৱৰক বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিজয় চেতিয়াই পইচা নিদিয়াৰ বাবে নিৰ্মাণ কাৰ্য বন্ধ কৰি ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগ উতঅথাপন কৰিছে প্ৰধান শিক্ষকজনে।
বিদ্যলয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে এই সমগ্ৰ অভিযোগ লিখিতভাৱে ডিব্ৰুগড় জিলা উপায়ুক্তক দাখিল কৰে। এই কথা জানিব পাৰি দুৰ্নীতিৰ তদন্ত কৰাৰ দাবী জনাইছে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যুগল বৰুৱাই। প্ৰশাসনক এসপ্তাহৰ ভিতৰত কনিষ্ঠ অভিযন্তাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা নললে আন্দোলনৰ কৰাৰ ভাবুকি প্ৰদান কৰে সংগঠনটোৱে৷