11
Oct
2017

প্ৰতিকী ফটো
গোলকগঞ্জঃ ধুবুৰী জিলা গোলকগঞ্জত আৰক্ষীক জুৱা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া আৰক্ষীক উভটি ধৰিলে জুৱাৰীয়ে৷ জানিব পৰা মতে, গোলকগঞ্জ থানাৰ অন্তৰ্গত কানুৰী ১নং খণ্ড ঘাটপাৰত সোমবাৰে নিশা একাংশ লোকে ধান্দি-মুণ্ডা নামৰ এবিধ অবৈধ জুৱা খেলেৰে অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰি আছিল৷
গোলকগঞ্জ থানাক নিশাৰ তহলদাৰী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে এই দৃশ্য প্ৰত্যক্ষ কৰাত জুৱাৰী কেইজনক খেল বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে৷ কিন্তু আৰক্ষীৰ কথা অমান্য কৰি জুৱাৰী কেইজনে খেলখন চলাই থাকে৷ আৰক্ষীয়ে পুনৰ বাধা প্ৰদান কৰাত উদণ্ড জুৱাৰী কেইজনে আৰক্ষীৰ দলটোৰ লগত হতাহতিত লিপ্ত হয়৷
পাছত আৰক্ষীৰ দলটোৱে গোলকগঞ্জ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ওচৰত এখন এজাহাৰ দাখিল কৰাত PS-Cass- No--969/2017, U/S--143/353 IPC নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।