07
May
2019

বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী নিৱেশৰ অধীনস্থ কাজাইকাটা ৫ম খণ্ড গাঁওত ভূমিৰ আলি বিবাদকলৈ কেন্দ্ৰ কৰি ছামাদ আলী, তেওঁৰ পুত্র ওহেদ আলী, আদিকে ধৰি উক্ত কাজাইকাটা ৫ম খণ্ড গাঁওৰ মজিবৰ ৰহমান বয়স অনুমান প্ৰায় (৬০) বছৰ তেওঁক মাৰপিট আদি কৰি ৰাতিপুৱা ৭ মান বজাত নৃসংসভাৱে হত্যা কৰে।
মনকৰিবলগীয়া যে লগতে তেওঁৰ পুত্রকো গুৰুত্বৰভাৱে আহত কৰে৷ যদিও বৰ্ত্তমান মজিবৰ ৰহমানৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়ত লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। এই সন্দৰ্ভত বিলাসীপাৰা আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াই কি পদক্ষেপ গ্ৰহণ কৰে সেৱা পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব৷