প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

কাকপথাৰঃ ৰাজ্যৰ চৌদিশে উলাহ-মালহেৰে স্বাধীনতা দিৱস পালন কৰি থকাৰ মাজতে মঙলবাৰে নিশা কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত হাঁহখাটি গন্ধৈগুৰিত দুজন লোকে অকালতে প্ৰাণ বিসৰ্জন দিব লগা হয়৷ পোন্ধৰ আগষ্ট তথা স্বাধীনতা দিৱসৰ দিটোতে নিশা প্ৰায় ১০-৩০ বজাত কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত হাঁহখাটি গন্ধৈগুৰি গাঁৱত এটি প্ৰকাণ্ড শব্দ হয়৷

ৰাইজে শব্দটো শুনি শংকিত হৈ পৰে৷ ঘৰৰ পৰা মানুহে বাহিৰলৈ ওলাই নাহি প্ৰথমে ক’ত কি হৈছে জানিব পৰা নাছিল৷ সেনা-উগ্ৰপন্থীৰ সংঘৰ্ষ বুলিও অনুমান কৰিছিল বহুলোকে৷ বহু পলমকৈ একাংশ লোক ঘৰৰ পৰা ওলাই গাঁও খনৰ এঘৰ লোকৰ ঘৰত প্ৰকাণ্ড জুই লাগি থকা প্ৰত্যক্ষ কৰে৷ ততাতৈয়াকৈ ৰাইজ জুই লগা ঠাইলৈ আহি জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও ৰাইজ ব্যৰ্থ হয়৷

অগ্নিকাণ্ডত পৰিয়ালটোৰ সকলো জাহ যোৱাৰ লগতে দুজন লোক নিহত হয়৷ পৰিয়ালটোৰ মুৰব্বী অম্বেশ্বৰ মৰাণ (৩৫) বন কৰা লৰা কুশ কিসান (৩২) নিহত হয় ৷ কাকপথাৰৰ ভিতৰুৱা অঞ্চল হাঁহখাটি গন্ধৈগুৰি গাঁৱত প্ৰচণ্ড বিস্ফোৰণৰ হোৱাৰ পাছতে স্থানীয় লোকে নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ লগা বুলি ভীতিগ্ৰস্ত হৈছিল৷

যাৰ ফলত কোনো লোক বাহিৰলৈ ওলাৱা নাছিল৷ পাছত গঞা ৰাইজে বাহিৰলৈ ওলোৱাত গ্ৰেজিঙৰ ফালে জুইৰ লেলিহান শিখা প্ৰত্যক্ষ কৰি সেই দিশে আগুৱাই যোৱাত মৃত অম্বেশ্বৰ মৰাণৰ ঘৰত জুই লগা বুলি নিশ্চিত হৈ জুই নুমোৱাৰ চেষ্টা কৰিও ব্যৰ্থ হয়৷ বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত টিভিৰ বিস্ফোৰণ হৈ লোক দুজন মৃত্যু মুখত পৰা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে৷