
newsnextone.com | কাকপথাৰঃ ৰাজ্যৰ উজনি নামনি সৰ্বত্ৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে৷ ইয়াৰ দ্বাৰা প্ৰমাণ হয় ৰাজ্যৰ সকলো শ্ৰেণীৰ নাগৰিক আজি শংকিত৷ পুনৰ এটা ভয়াবহ দিনলৈ উভতি যাব নেকি অসহায় হৈ পৰা অসমীয়া জাতি৷ অসমৰ ভৱিষ্যত প্ৰজন্মৰ চিন্তাত প্ৰতিজন থলুৱা অসমীয়া আশংকাত দিনপাৰ কৰিছে৷
এনে এক জটিল সন্ধিক্ষণত উপস্থিত হোৱা অসমৰ সৰ্বসাধাৰণ জনতাৰ কোঁহে কোঁহে ক্ষোভৰ জুই জ্বলিছে৷ যেন বিতৰ্কিত এই বিধেয়ক বাতিল নকৰিলে অবৈধ নাগৰিকক নাগৰিকত্ব প্ৰদান কৰিলেই ৰক্ষা নপৰে জাতি৷ এনেবোৰ চিন্তাই এতিয়া অসমীয়াৰ মনত দোলা দিছে৷
ফলস্বৰূপে বিধেয়কৰ বিৰুদ্ধে প্ৰবল জনমত গঢ়ি তোলাৰ বাবে অসমীয়া আজি ৰাজপথত৷ সমগ্ৰ অসমত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক প্ৰতিজন অসমীয়া লোকে জনাই দিব খুজিছে যে বিধেয়ক গৃহীত হ’লেই অসমীয়াই বহি নাথাকে৷
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে মঙলবাৰে সমগ্ৰ অসমত ৰাইজে গণ অনশনত বহে৷ তিনিচুকীয়া জিলাৰ কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মঙলবাৰে বৃহত্তৰ কাকপথাৰ অঞ্চলৰ দল, সংগঠন, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে বৃহৎ প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে৷
তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি বিনয় ডুবেই কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ লগতে আছুৰে মঞ্চৰ পৰা গৈ ৰাজনেতা হোৱাসকলক কিয় জাতীয়তাবাদ পাহৰিছা বুলি প্ৰশ্ন কৰে৷ যদি বিধেয়কৰ সপক্ষত থাকে তেন্তে আছুৰ মজিয়াৰ পৰা যোৱা নেতাসকলক পহুখেদা দিয়া হ’ব বুলি কয় ডুবেই৷