কাকপথাঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ অাৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত অাৰু তিনিচুকীয়া অপাৰেচন চেলৰ নেতৃত্বত যোৱা এটা যুটীয়া অভিযানকাৰী দলে কালি নিশা অালফা (স্বা)ৰ লিংকমেন লক্ষ্যজিৎ মৰাণক (২৩) অাটক কৰে। টঙনা মাজগাঁৱৰ লক্ষ্যজিৎ মৰাণে গোপনে অালফা (স্বা)ত যুৱক-যুৱতীক যোগদান কৰাৰ দৰে কাৰ্যত লিপ্ত হোৱাৰ কথা সদৰী কৰিছে অাৰক্ষীয়ে। সম্প্ৰতি লিংকমেনজনক অাৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।