কাকপথাৰঃ কাকপথাৰৰপৰা বিগত এমাহদিন সন্ধানহীনহৈ আছে এজন ছাত্ৰ ৷ জ্যোতিৰ্ময় হাই স্কুলৰ অষ্টম শ্ৰেণীৰ প্ৰাৰ্থজ্যোতি বৰা নামৰ ছাত্ৰজনক এজন প্ৰতিবেশীয়ে কিছু কথাৰ বাবে থানাত ভৰাই দিয়ে ৷

পাছত ঘটনাৰ খবৰ পাই পিতৃহীনা শিশুটিৰ অভিভাৱক আইতাকে তেওঁক থানাৰপৰা মোকলাই নিয়ে যদিও লাজ আৰু হীনমান্যতাত ভূগি প্ৰাৰ্থজ্যোতিয়ে আইতাকৰ লগত ঘৰলৈ নগৈ থানাৰ ওচৰৰপৰাই অন্য পথ লয়৷

সেই দিনটো আছিল ১১ নৱেম্বৰ৷ তেতিয়াৰেপৰা সন্ধানহীন হৈ থকা অষ্টম শ্ৰেণীৰ এই ছাত্ৰজনৰ সন্ধানত একমাত্ৰ অভিভাৱক আইতাকে থানাত এজাহাৰ দি বংশ-পৰিয়াল, মিটুৰ-কুটুম তথা আত্মীয় সকলোৰে ঘৰত বিচাৰ-খুচাৰ কৰি ভাগৰি পৰিছে। যদি কোনোবাই কিশোৰজনৰ সন্ধান পায় তেন্তে পৰিয়ালৰ লোকক জনাবলৈ অনুৰোধ কৰা হৈছে।