কাকপথাৰঃ সদৌ মৰাণ ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতিৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিৱেশনখনি শুকুৰবাৰৰেপৰা আৰম্ভ হৈছে৷

তিনিদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘ প্ৰেক্ষাগৃহত হোৱা  অধিৱেশনখনি পুৱা ক্ষেত্ৰ উন্মোচন কৰে প্ৰাক্তন খণ্ড উন্নয়ন বিষয়া ৰত্নেস্বৰ দত্তই। পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কৰে ক্ৰমে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি মনোজ নেওগ আৰু সম্পাদক হিৰণ্য মৰাণে৷

উক্ত অনুষ্ঠানৰ পাছতেই গছপুলি ৰোপন আৰু প্ৰদৰ্শনী, গ্ৰন্থমেলাৰৰদ্বাৰ মুকলি কৰা হয়৷ দিনৰ দুই বজাত মত বিনিময়, মুকলি আলোচনা আৰু সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে ইণ্ডিয়ান অইলৰ জনসম্পৰ্কৰক্ষী বিষয়া দীপাংকৰ মল্ল বৰুৱা, তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যাপক ৰানা চাংমাইৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি৷

দ্বিতীয় দিনৰ কাৰ্যসূচীত দিনৰ ১১ বজাত মুখপত্ৰ "সৌমাৰ প্ৰবাহ" আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰিব ক্ৰমে প্ৰাক্তন ছাত্ৰ নেতা জ্যোতিমণি মৰাণ আৰু অধ্যাপক ডঃ জলিন প্ৰকাশ চেতিয়াই৷

দিনৰ ১২ বজাত অধিৱেশনৰ প্ৰথম মুকলি সভা অনুস্থিত হ'ব ৷ মুকলি সভাত মুখ্য অতিথি হিচাপে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইন, স্থানীয় সাংসদ প্ৰদান বৰুৱা আৰু তিনিচুকীয়া জিলাৰ পাঁচজনকৈ বিধায়কে৷

তৃতীয় তথা শেষৰ দিনা পুৱা ৯,৩০ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পাছতেই অন্তিম মুকলি আৰু বঁটা বিতৰণী সভা অনুস্থিত হব৷ আঞ্চলিক সমিতিৰ সভাপতি মনোজ নেওগৰ সভাপতিত্বত অনুস্থিত হ'বলগীয়া সভাত মুখ্য অতিথি হিচাপে মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মৰাণ উন্নয়ন পৰিষদৰ অধ্যক্ষ বিৰিঞ্চি নেওগ, জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা, আছুৰ সম্পাদক লুৰিনজ্যোতি গগৈ, কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈ, যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাই, আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ লগতে অসমৰ বহুকেইটা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃবিন্দই৷

তিনিওটা দিনৰ সকলো কাৰ্যসূচীতে সকলো কাকপথাৰবাসী ৰাইজৰ উপস্থিত আৰু সহায় সহযোগিতা কামনা কৰিছে কাকপথাৰ আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ সভাপতি মনোজ নেওগ আৰু সম্পাদক হিৰণ্য কুমাৰ মৰাণে৷