কাকপথাৰঃ তিনিচুকীয়া জিলা মীন বিভাগৰ সৌজন্যত আৰু বৰআলি উন্নয়ন সমিতিৰ তত্বাবধানত ২০১৭-১৮ বৰ্ষৰ  গ্ৰাম্য আন্ত:গাঁথনি উন্নয়ন শিতানৰ অধীনত বৰআলি গাঁৱত প্ৰথম পৰ্যায়ত ২ হেক্টৰ মাটিত নতুন পুখুৰী (ৰাজহুৱা) খননৰ কাম শনিবাৰে আনুস্থানিকভাৱে শুভাৰম্ভ কৰা হয়।

তিনিচুকীয়া জিলা উপায়ুক্ত ঐনাম চৰণ কুমাৰ সিংৰ উপস্থিতিত শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াই পুখুৰী খননৰ কামৰ শুভাৰম্ভ কৰে। 

এই শুভাৰম্ভ অনুস্থানৰ লগত সংগতি ৰাখি এখন ৰাজহুৱা সভা অনুস্থিত হৈ যায়। সভাত তিনিচুকীয়া জিলা মীন বিষয়া উৎপল বড়া, মীন বিষয়া প্ৰাঞ্জল কুমাৰ দাস, বি জে পি যুৱ মৰ্চাৰ ৰাজ্যিক সমিতিৰ সদস্য সুৰজিত মৰাণ, বিধায়ক প্ৰতিনিধি সীমান্ত মৰাণ, শদিয়া জিলা যুৱ মৰ্চাৰ সভাপতি তীৰ্থৰাজ নেওগকে ধৰি বহুকেইগৰাকী বিষয়া, নেতা, কৰ্মচাৰী উপস্থিত থাকে।

সভাত ঐতিহ্যমণ্ডিত বৰআলি গাঁওখনক পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ প্ৰচুৰ সম্ভাৱনা থকাৰ কথা উপস্থিত বিভাগীয় বিষয়া আৰু নেতৃবৃন্দই নিজ নিজ ভাষণত ব্যক্ত কৰে।

আনকি মীন উৎপাদনৰ জৰিয়তে গাঁওবাসীয়ে কৰ্মসংস্থাপনৰ বাট মুকলি কৰি বিশেষভাৱে লাভৱান হ'ব পাৰিব বুলি মীন বিষয়াসকলে মত ব্যক্ত কৰে। শুভাৰম্ভ অনুস্থানটোৰ সামগ্ৰীকভাৱে পৰিচালনা কৰে বলিন হাতীবৰুৱাই।