
গোৰেশ্বৰঃ অসম বিধানসভাৰ সমূহ কলিতা জনগোষ্ঠীৰ মন্ত্রী বিধায়কক একত্রিত হোৱাৰ বাবে আহ্বান জনাইছে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই। সন্থাৰ সভাপতি অনুপল দত্ত পাঠক, উপসভাপতি সমৰজ্যোতি ডেকা আৰু সাধাৰণ সম্পাদক ভাস্কৰ কলিতা স্বাক্ষৰিত এক বিবৃতিযোগে এই আহ্বান জনোৱা হৈছে। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা উক্ত বিবৃতিত উল্লেখ কৰা হৈছে যে অসমৰ ব্ৰহ্মপুত্র উপত্যকাৰ আটাইটকৈ প্ৰাচীনতম আৰু সৰ্ববৃহৎ জনগোষ্ঠী হ'লেও কলিতাসকল বৰ্তমান সকলো দিশতে বঞ্চিত তথা উপেক্ষিত হৈ আছে।
সংৰক্ষণ ব্যৱস্থাৰ আওঁতাৰ বাহিৰত থকা বাবে কোটা ব্যৱস্থাৰ জৰিয়তে কলিতা জনগোষ্ঠীৰ মেধা ছাত্র ছাত্রী সকলক চূড়ান্তভাবে অপমান তথা বঞ্চিত কৰা হৈছে | কলিতা জনগোষ্ঠীৰ নিবনুৱা আৰু দুখীয়া লোকৰ সংখ্যাও দিনক দিনে বাঢ়ি গৈ আছে | তাৎপৰ্যপূৰ্ণভাৱে কলিতা জনগোষ্ঠীৰ প্ৰায় ১৮ জন মন্ত্রী- বিধায়ক থকাৰ পিছতো তেওঁলোকে কলিতা জনগোষ্ঠীৰ উত্তৰণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল।
সেয়েহে আগন্তক বিধানসভাৰ অধিৱেশনত সকলো কলিতা জনগোষ্ঠীৰ মন্ত্রী বিধায়ক সকলক একত্রিত হৈ সদৌ অসম কলিতা জনগোষ্ঠী ছাত্র সন্থাৰ মূল দাবী কলিতা জনগোষ্ঠীক জনজাতিকৰণ , সংবিধানৰ ষষ্ঠ অনুসূচীত আন্তৰ্ভূক্তিকৰণ আৰু কলিতাসকলৰ বাবে এখনি কলিতা উন্নয়ণ পৰিষদ তাৎক্ষনিক ভাৱে গঠন কৰিৱ পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিব পৰাকৈ আহ্বান জনোৱা হৈছে। বিবৃতিটোত কলিতা মন্ত্রী- বিধায়ক সকলক নিজৰ ৰাজনৈতিক স্বাৰ্থৰ উৰ্দ্ধত থাকি জাতিটেৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিব বুলি আশা প্ৰকাশ কৰে সংগঠনটোৱে |