
নলবাৰীঃ সোমবাৰে অসম খাদী বৰ্ডৰ অধ্যক্ষ তথা অগপ নেতা ডাঃ কমলা কলিতাই আমচাঙৰ উচ্ছেদ অভিযান দুখলগা বুলি কয়। হাইকৰ্টে নিৰ্দেশ দিছে সচা কথা কিন্তু ৰাজ্য চৰকাৰে সজাগ হ’ব লাগিছিল আৰু মানৱীয়তাৰ দিশেৰে চাব লাগিছিল। সম্প্ৰতি এক অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি হৈছে হৈছে বুলি কয় অগপ নেতাগৰাকীয়ে৷
নলবাৰীৰ বামুনবড়িত অগপ দলৰ কেন্দ্ৰীয় ভাবে আয়োজন কৰা কেন্দ্ৰীয় শ্বহীদ দিৱসৰ বুজ লৈ সাংবাদিকেৰে মতবিনিময়ত এইদৰে কয় অগপ দলৰ নেতাগৰাকীয়ে। এন আৰ চিৰ খচৰা প্ৰকাশ কৰিব নোৱাৰাই এচাম ৰাজনৈতিক দলে আভুৱাঁভাৰা সমালোচনা কৰি আছে।
যাতে ৰাজ্য খনত এক অশান্তময় পৰিবেশ সৃষ্টি হয়। এই ক্ষেত্ৰত চৰকাৰ সজাগ হোৱা উচিত আৰু এনে সমালোচক সকলৰ বক্তব্যৰ প্ৰতিও চৰকাৰে দৃষ্টি ৰখা দৰকাৰ আছে বুলি কয়। ইফালে শ্বহীদ দিৱসত দলটোৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত সহ কেইবাজনো নেতা উপস্থিত থাকিব বুলি জনাই অগপ নেতা ডাঃ কমলা কলিতাই শ্বহীদ দিৱসত সৰ্বস্তৰৰ ৰাইজৰ সহযোগ কামনা কৰে।