
চাবুৱাঃ ৰাজ্যৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে সাংবাদিক সুৰক্ষা মঞ্চ, অসমেও অাজি শ্বহীদ সাংবাদিক কমলা শইকীয়াক স্মৰণ কৰে ৷ ১৯৯১ চনত অাততায়ীৰ গুলীত মৃত্যু হোৱা শ্বহীদ সাংবাদিকগৰাকীৰ স্মৃতিত ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চই অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ চাবুৱা অাঞ্চলিক সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত কৰে শ্রদ্ধাঞ্জলি অনুষ্ঠান ৷
শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে বন্তি প্ৰজ্বলন কৰে সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়াই ৷
ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ কাৰ্যকৰী সভাপতি ডেভিদ বৰুৱা, সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়াৰ নেতৃত্বত ৰূপায়ণ হোৱা এই কাৰ্যসূচীত চাবুৱাৰ সাংবাদিকসকলৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ চাবুৱাৰ অাঞ্চলিক সমিতিৰ সভাপতি ধন্তী শইকীয়াইয়ো সহযোগিতা অাগবঢ়ায় ৷
এক প্ৰেছ বিবৃতিত সাংবাদিক সংগঠনটোৰ ভাৰপ্ৰাপ্ত সভাপতি ছিলাজুল ইছলাম, কাৰ্যকৰী সভাপতি হেমন্ত শৰ্মা অাৰু সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক সুৰক্ষা মঞ্চৰ জিলা সমিতিসমূহে বন্তি প্ৰজ্বলনেৰে শ্বহীদ সাংবাদিকগৰাকীক শ্রদ্ধা জনোৱা বুলি জানিবলৈ দি সাংবাদিগৰাকীক হত্যাৰ গোচৰৰ ফাইল পুনৰ মুকলি কৰিবলৈ দাবী জনাইছে৷