নলবাৰীঃ নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ কামাৰকুছিত শনিবাৰে কংগ্ৰেছৰ এখন এখন সভাত অনুষ্ঠিত হয়৷ নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উপস্থিত থাকি বিজেপিক তীব্ৰ সমালোচনা কৰে৷ কেন্দ্ৰই উত্তৰ পূৰ্বাঞ্চলক বিশেষ মৰ্যদা পূৰ্ণ ৰাজ্য হিচাপে স্বীকৃতি দিয়াৰ বাবেই বিশেষ সহায় কৰি আহিছিল বুলি কয়।

কিন্তু ২০১৪ চনত দিল্লীত বিজেপি চৰকাৰ আহিয়েই আমাৰ বিশেষ কৰ্তন কৰিলে৷ এই বিষয়ে বিধানসভাত বহু বাক বিতণ্ডা হ’ল৷ দেশৰ বিত্তমন্ত্ৰীয়ে বিশেষ মৰ্যদা নহয়, ষ্পেচিয়েল ট্ৰিটমেন্ট কৰিব বুলি কৈ দায়িত্ব সামৰে৷ ষ্পেচিয়েল ট্ৰিটমেন্ট কৰিলে আমাৰ আগতকৈ ভাল হ’ব। কিন্তু বিগত দুবছৰত কেনেকুৱা অৱস্থা হৈছে ৰাইজে উপলব্ধি কৰিছে।

বিৰোধী দলপতি শইকীয়াই গড়কাপ্তানী মন্ত্ৰীৰ প্ৰসংগ টানি আনি বিগত দুটা বছৰত বানত ক্ষতিগ্ৰস্ত সকলৰ বাবে ৮৭১ কৌটি প্ৰয়োজন যদিও মাত্ৰ ১১ কৌটি টকা হে টকা পোৱা বুলি বিধানসভাত গড়কাপ্তানী মন্ত্ৰী জনে তথ্য দাঙি ধৰা বুলিও কয়৷ সভাত উপস্থিত থাকি প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনে নগা সমস্যা, বান সমস্যা, নদীবান্ধ, জিএছটিৰ ফলত সৰ্বসাধাৰণৰ অৱস্থা বেয়াৰ দিশে ঢাল খোৱা বুলি কয়৷

সভাত ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মা, বিধায়ক কমলাক্ষ দে, ৰেকিবুদ্দিন আহমেদ, কংগ্ৰেছ নেতা প্ৰদ্যুত ভূঞা, দুলু আহমেদ, এনএছইউআইৰ ৰাজ্যিক সভাপতি জ্যোতি বিকাশ চাংমাই, কংগ্ৰেছ নেত্ৰী স্বপ্না বেজবৰুৱা, নলবাৰী মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰ, মুখপাত্ৰ দিব্যজ্যোতি হালৈ আদি উপস্থিত থাকে৷