
কামপুৰ/বাহাকাবাৰীঃ পথ দুৰ্ঘটনাক কেন্দ্র কৰি বুধবাৰে কামপুৰ-কঠিয়াতলী সংযোগী পথৰ কঠালগুৰিত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ উদ্ভৱ হয়। তীব্ৰ বেগী ট্ৰেভেলাৰ এখনে স্কুটীসহ এগৰাকী আৰোহীক মহতিয়াই নিয়াৰ পিছতে উদ্ভৱ হয় এনে পৰিস্থিতিৰ।
প্ৰাপ্ত বাতৰি মতে নগাঁৱৰ পৰা কামপুৰ অভিমুখে তীব্ৰ বেগত আহি থকা এ এছ ০২ এচি ৭৬০৮ নম্বৰৰ এখন ট্ৰেভেলাৰ আৰোহীসহ এখন স্কুটীক মহতিয়াই নিয়ে। এই ঘটনাৰ পিছতে ট্ৰেভেলাৰখনৰ চালকে পলায়নৰ চেষ্টা চলাই যদিও স্থানীয় ৰাইজে কামপুৰ বজাৰত খেদি খেদি কৰায়ত্ত কৰে।
চালকজনক কৰায়ত্ত কৰি একাংশ লোকে যিয়ে যেনেকৈ পাৰে তেনেকৈ প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। বহু পলমকৈ আৰক্ষী উপস্থিত হৈ চালকজনক উত্তেজিত ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰে।
কিন্তু আৰক্ষী আহি পোৱাৰ পিছত পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল খায়। উত্তেজিত ৰাইজে আৰক্ষী বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ তুলি পথ অৱৰোধ কৰে। ফলত কেবাঘণ্টা ধৰি পথটোত বহু যান-বাহন আৱদ্ধ হৈ পৰে।
ইফালে দুৰ্ঘটনাত পতিত হোৱা স্কুটী আৰোহি যোগেশ্বৰ চাংমাইক সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰা হয়। স্থানীয় ৰাইজে অভিযোগ কৰা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত চালকজন সম্পূৰ্ণ সুৰামত্ত অৱস্থাত আছিল।