কামপুৰঃ নগাঁও জিলাৰ কচুৱাৰ মাধৱপাৰাত আজি এক শোকাৱহ পথ দূৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক।

প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে তীব্ৰবেগী বাছ এখনে বিপৰীত দিশৰ পৰা আহি থকা বাইক এখনক প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত বাইক আৰোহী মফিজুল ইছলাম থিতাতে নিহত হয়।

দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ AS-02-A-1247 আৰু বাইকখনৰ নম্বৰ AS-21-D-0245 বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা সংঘটিত কৰিয়েই বাছখনৰ চালক-হেণ্ডিমনে পলায়ন কৰে। নগাঁও জুৰিপাৰৰ নিহত যুৱকজন কামপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বাছখন জব্দ কৰে।