
খেৰণিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া হস্তীৰ উপদ্ৰৱ চলি থকাৰ সময়তে পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণি অঞ্চলত বনৰীয়া হাতীৰ আতংকয়ে বিৰাজ কৰিছে। খেৰণি কৃষি পামৰ কুঁহিয়াৰ খেতিত ৬০-৭০ জনীয়া বনৰীয়া হাতী জাকটোয়ে দিনৰ ভাগত আশ্ৰয় লৈ সন্ধিয়া ৪ মান বজাৰ পৰা কৃষি পামৰ আশে-পাশে অৱস্থিত বগৰীঘাট, ফেলাংপি, প্ৰিলো ,আদি গাঁৱবোৰত ধাৰাবাহিক ভাৱে চাৰি-পাঁচদিন ধৰি উপদ্ৰৱ কৰি আছে বনৰীয়া হাতীৰ বৃহৎ জাকটোয়ে।
বিশেষকৈ বগৰীঘাট নামৰ গাঁৱখনৰ বাবে ভাবুকি আহি পৰিছে। এই গাঁৱখনৰ মাজেদি পাৰ হোৱা পকী পথৰে চলাচল কৰা সকলৰ বাবে ভয়ানক হৈ পৰিছে এতিয়া। স্কুলীয়া কণ-কণ ছাত্ৰ-ছাত্ৰীৰ লগতে অন্যান্য সাধাৰণ ৰাইজৰ বাবেও হৈ পৰিছে চিন্তনীয় বিষয়। স্তদ্ধ হৈছে কৃষি কৰ্মও। কাৰণ যিকোনো মুহূৰ্ততে কুঁহিয়াৰ খেতিৰ পৰা হাতী ওলাই আহে পথৰ মাজত আৰু কৃষি পথাৰত। এই ক্ষেত্ৰত খেৰণি বন বিভাগক বাৰে বাৰে অৱগত কৰাৰ পাছতো বিভাগে নীৰৱ ভূমিকা পালন কৰিছে বুলি ৰাইজে গুৰুতৰ অভিযোগ তুলিছে।
বনৰীয়া হাতীৰ জাকটোয়ে কৃষি বিভাগৰ সোণালী পথাৰ আৰু কাৰোবাৰ ব্যক্তিগত সোণালী পথাৰৰ লগতে কুঁহিয়াৰ খেতি খাই বিস্তৰ ক্ষতি সাধন কৰিছে। আনহাতে কুঁহিয়াৰ খেতিৰ মাজত অৱস্থান কৰি থকা হাতীৰ জাকটোক আজি পাঁচ দিন ধৰি খেদি পঠিওৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বন বিভাগ। পৰিপ্ৰেক্ষিতত বন বিভাগৰ বিৰুদ্ধে এতিয়া ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে।