ডিফুঃ ২০০৩ চনত স্বাক্ষৰিত হোৱা বিএলটি চুক্তিৰ বিতৰ্কিত ৮নং দফা বাতিল কৰাৰ দাবীত কাৰবি আংলং জিলাৰ ১৬ টাকৈ সংগঠনে ২৬ নৱেম্বৰ ২০১৮ সোমবাৰে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ১২ ঘণ্টীয়া কাৰবি আংলং বন্ধৰ আহ্বান জনাইছে৷

আজি কেএছএৰ লামডিং ৰোডস্থিত কেএছএৰ মুখ্য কাৰ্যালয়ত ১৬ টাকৈ সংগঠন ক্ৰমে কে এছ এ, কে এন চিএ, কে এড ব্লিউজে এফ, এছ ৱাই চি, এছ ৱাই জে, কেৱাইঅ', এইছ পিৱাই এ, কেৱাই ডি অ' ইউ এল ডি এল একে এ এছ কেভি, ইউ কেৱাই এ, এন এছ এম, এ আইকে এছ ভি, কে এ ডি এ, কে এ ভিপি এ আৰু আই ছাইয়ে যৌথভাৱে আয়োজন কৰা এক সংবাদ মেলত সংগঠন সমূহৰ শীৰ্ষ নেতৃবৰ্গই এই বন্ধৰ কথা ঘোষণা কৰে৷

সংগঠন সমূহৰহৈ কে এছ এৰ সভাপতি ছিমিয়ন ৰংফাৰ আৰু নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি মহাজন ক্ৰই অভিযোগ কৰি কয় যে বিজেপি চৰকাৰে নিজৰ ৰাজনৈতিক মুনাফা লুটিবলৈগৈ কাৰবি আংলঙত বসবাস কৰা পাৰ্বত্য জনজাতিৰ সকলৰ মৰ্যদা কাৰবি আংলঙৰ বড়ো সকলকো  প্ৰদান কৰিবলৈ উঠি পৰি লাগিছে৷ বড়ো সকলে ইতিমধ্যে ভৈয়ামৰ জনজাতিৰ মৰ্যদা ভোগ কৰি থকাৰ পাছতো তেওঁলোকক পাৰ্বত্য জনজাতি মৰ্যদা দিয়াটো সমৰ্থনযোগ্য নহয়৷ কাৰবি আংলং আৰু ডিমা হাচাওত বসবাস কৰা পাৰ্বত্য জনজাতিসকলৰ সংবিধান প্ৰদত্ত অধিকাৰৰ হৰণ-ভগন নচলিব৷ বড়ো জাতিৰ সৰ্বাঙ্গীন উন্নয়ণত পাৰ্বত্য জনজাতি সকলে ঈৰ্শা নকৰে তেনেক্ষেত্ৰত চৰকাৰে পাৰ্বত্য জনজাতি সকলৰ ৰাজনৈতিক অধিকাৰক লৈ লেতেৰা ৰাজনীতি বন্ধ কৰিবলৈ সকিয়াই দিছে৷

কাৰবি আংলং দল সংগঠনে বিএলটি চুক্তিক সম্পূৰ্ণ শ্ৰদ্ধা কৰে যদিও চুক্তিৰ ৮ নং দফাত থকা কাৰবি আংলঙত বসবাস কৰা বড়ো সকলক পাৰ্বত্য জনজাতিৰ মৰ্যদা দিয়া চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা দীৰ্ঘ দিনৰ পৰাই কৰি আহিছে আৰু এই লৈ বিজেপি শাসিত চৰকাৰক বাৰম্বাৰ স্মাৰক পত্ৰ দি অহাৰ পিছতে চৰকাৰে কোনো গুৰুত্ব আৰোপ নকৰিলে৷

২০১৬ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিল্চ ট্ৰাইবেল প্ৰটেকছন ফৰামৰ সৈতে হোৱা ঘূৰণীয়া মেজমেলত মুখ্যমন্ত্ৰীয়ে এই দফাটো ৰূপায়ণে জিলাখনত হ’বলগীয়া বিৰুপ প্ৰতিক্ৰিয়াৰ কথা কৈছিল বুলি কেএছএৰ সভাপতি ছিমিয়ণ ৰংফাৰে সোঁৱৰাই দিয়ে৷ আনহাতে কাইলৈ সোমবাৰে কেন্দ্ৰীয় চৰকাৰে দিল্লীত বিএলটি চুক্তি সন্দৰ্ভত হ’ব লগীয়া পৰ্যালোচনা সভাত চুক্তিটোৰ ৮নং দফা বাতিল কৰিবলৈ সংগঠন সমূহে এই ১২ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে বুলি সংবাদ মাধ্যমত জানিবলৈ দিছে লগতে জিলাখনৰ সকলো শ্ৰেণীৰ ৰাইজক বন্ধত সহযোগিতা আগবঢ়াবলৈ সংগঠন সমূহৰ নেতৃবৰ্গই অনুৰোধ জনায়৷

আনহাতে এই বন্ধৰ কৱলৰপৰা স্কুল, কলেজ, পৰীক্ষা অত্যাৱশ্যকীয় সেৱা সমূহ ৰেহাই দিয়া হৈছে বুলি জানিবলৈ দিছে সংগঠন সমুহে৷