কাৰ্বি আংলংঃ শুকুৰবাৰে নিশা পাহাৰীয়া জিলাখনৰ ছাত্ৰ সংগঠন student and youth for justice(SYJ) ৰ অভিযোগ মৰ্মে বোকাজান বন বিভাগে বোকাজান মহকুমা তথা শান্তিপুৰ বৰপথাৰ থানাৰ অন্তৰ্গত ছিলনীজানৰ অবৈধ কয়লা খনিৰপৰা কয়লা কঢ়িয়াই অনা পাঁচখনকৈ ট্ৰাক জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে। ছিলনীজানৰপৰা ডিমাপুৰৰ দিশে অবৈধ কয়লা সৰবৰাহ কৰা জব্দকৃত গাড়ী কেইখনৰ নম্বৰ হৈছে ক্ৰমে এনএল০১-কে-৩১৬১, এনএল০১-জি-৮০১৭, এনএল০১-এ-৫৬৬০, এএছ০৫-চি-৫৫২৭ আৰু এএছ০৫-চি-৫৫৭৭ ৷ 

কিন্তু আশ্চৰ্যকৰ কথাটো হ’ল পাঁচখনকৈ অবৈধ কয়লা ভৰ্তি গাড়ী বোকাজান বন বিভাগে জব্দ কৰিবলৈ সক্ষম হ’ল যদিও এজনো চালক হেণ্ডিমানক আটক কৰিবলৈ সক্ষম নোহোৱাতহে সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। উল্লেখযোগ্য যে, SYJ য়ে ইতিমধ্যে কাৰ্বি আংলংত চলি থকা অবৈধ কয়লাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে পাহাৰীয়া জিলাখনৰ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰাৰ পাছতো জিলাখনত অবৈধ কয়লা খনন আৰু সৰবৰাহ চলি থকা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে এই সংক্ৰান্তত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে সংগঠনটোৱে।